গুৱাহাটী, 22 ডিচেম্বৰঃসোমবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। শেহতীয়াকৈ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ ওপৰত আলোচনা কৰা হয় এই সভাত। পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত কামৰূপ জিলাৰ পথ সুৰক্ষা কমিটীয়ে পূৰ্বতকৈ অধিক তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰে। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা প্ৰশাসন,আৰক্ষী,পৰিবহন বিভাগ,লোক নিৰ্মাণ বিভাগ,ৰাষ্ট্ৰীয় ঘাইপথ আদি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইফালে দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক দায়িত্ব দিয়ে। উল্লেখযোগ্য যে যোৱা 1 জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে গুৱাহাটী মহানগৰীত 615 টা পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত 189 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।
কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা - জিলা উপায়ুক্ত
জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা প্ৰশাসন,আৰক্ষী,পৰিবহন বিভাগ,লোক নিৰ্মাণ বিভাগ,ৰাষ্ট্ৰীয় ঘাইপথ আদি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
![কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9962206-thumbnail-3x2-dc.jpg)
কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
লগতে চাওকঃ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যই আকৰ্ষণ কৰিছে বনভোজৰ দলক