গুৱাহাটী, ২৬ অক্টোবৰ: বহু প্ৰতীক্ষাৰ অন্তত পুনৰ বৈঠকত মিলিত হৈছে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১২ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব । বৃহস্পতিবাৰে দিনৰ ২ বজাৰ পৰা গুৱাহাটীৰ হোটেল লিলিত কংগ্ৰেছে আহ্বান কৰা বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকত ঐক্য মঞ্চত থকা প্ৰতিটো দলৰে নেতৃত্বই অংশ গ্ৰহণ কৰিছে ।
উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সভাপতি আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা বিৰোধী ঐক্য মঞ্চৰ সমন্বয়ৰক্ষী কমিটীত ইণ্ডিয়া গোটত অন্তৰ্ভুক্ত হোৱা চি পি আই, চি পি আই (এম), চি পি আই (এম এল), তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টী, এন চি পি, আৰ জে ডিৰ লগতে ৰাইজৰ দল, আঞ্চলিক গণমৰ্চাও অন্তর্ভুক্ত হৈ আছে ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বৈঠকখনক আসন ভাগ-বাটোৱাৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ কেইবাটাও দলে নিজাকৈ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে । বৈঠকত প্ৰতিটো দলে নিজা নিজা মতামত দাঙি ধৰাৰ লগতে সমষ্টি ভাগ-বাটোৱাৰা সন্দৰ্ভত আলোচনা কৰিব ।
উল্লেখ্য যে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১২টাকৈ বিৰোধী ৰাজনৈতিক দল । এ আই ইউ ডি এফক বাদ দি বাকী প্ৰায় সকলো বিৰোধী দলেই ঐক্যবদ্ধ হৈ গঠন কৰিছে বিৰোধী ঐক্য মঞ্চ । ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 'INDIA'ৰ দৰে অসমত ঐক্যবদ্ধ হৈছে ১২ টা দল ।