অসম

assam

Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

By

Published : Apr 4, 2023, 10:40 AM IST

3 এপ্ৰিলত কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় (Road Safety Committee) ৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে জিলা পথ-সুৰক্ষা সমিতিৰ বিষয় ববীয়াসকলক উদ্দেশ্যি পথ-সুৰক্ষা সন্দৰ্ভত বিভিন্ন দিশত নিয়াৰিকৈ কাম কৰিবলৈ অনুৰোধ জনায় ৷

kamrup metropolitan
পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

গুৱাহাটী, 4 এপ্ৰিল : কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা সোমবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয় (Important meeting of District Road Safety Committee) । জিলা উপায়ুক্তৰ সভাগৃহত বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত সভাখনত জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে (Kamrup metropolitan district committee) । সভাত উপস্থিত থাকি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ লগত সংযোগী অন্যান্য পথসমূহত শেহতীয়াকৈ বৃদ্ধি হোৱা যানজঁট নিয়ন্ত্ৰণ কৰি শীঘ্ৰেই এক সূচল যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ লগতে মহানগৰীত থকা ব্লেক স্পটসমূহ চিনাক্ত কৰি জিলা পথ-সুৰক্ষা সমিতিক অৱগত কৰিবলৈ আৰক্ষীৰ ট্ৰেফিক ব্ৰাঞ্চৰ লগতে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে ।

পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

ইফালে আই পি এলৰ বাবে মহানগৰীলৈ আগমন হোৱা খেলুৱৈ সকলৰ যাতায়াত সুবিধাৰ বাবে বিমানবন্দৰৰ পৰা ৰেডিছন ব্লু, তাজ ভিভাণ্টা, ৰেডিছন ব্লুৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম আৰু হোটেল তাজৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম সংযোগী নিৰ্দিষ্ট পথসমূহত প্ৰতিটো মুহূৰ্ততে শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে (Orderly and safe traffic) ৷ একেদৰে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ সময়ত সুচল যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে ট্ৰেফিকসহ অন্যান্য বিভাগসমূহক নিৰ্দেশ দিয়ে ৷

এমভিআই, লোকনিৰ্মাণ বিভাগৰ পথ নিৰ্মাণকে ধৰি অন্যান্য বিভাগৰ বিষয়াৰে গঠিত দুৰ্ঘটনা অনুসন্ধানকাৰী দল পূৰ্বতকৈ অধিক সষ্টম কৰি দুৰ্ঘটনা বিষয়ক সকলো অনুসন্ধান পুংখানুপুংখভাৱে অব্যাহত ৰাখি জিলা পথ-সুৰক্ষা সমিতিক অৱগত কৰি থাকিবলৈয়ো জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায় ৷ পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভাখনত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পথ-সুৰক্ষা সমিতিৰ সচিব তথা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা হেমন্ত দেউৰী ভড়ালী, ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী সংস্থাৰ বিষয়া কল্যাণ দত্ত, জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক নিতু চেতীয়াকে ধৰি জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :lower Subansiri Hydroelectric Project : পুনৰ খহিছে এনএইচপিচিৰ বান্ধ, ভয়ংকৰ ভৱিষ্যতক লৈ উদ্বিগ্ন AJYCP

ABOUT THE AUTHOR

...view details