অসম

assam

ETV Bharat / state

Assam-Meghalaya Border Firing: সীমান্তৰ ঘটনা সন্দৰ্ভত আছু-খাচী ছাত্র সন্থাৰ গুৰুত্বপূৰ্ণ বৈঠক

সীমান্তৰ ঘটনাক লৈ অসম আৰু মেঘালয়ৰ মাজত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিক লৈ উদ্বিগ্ন উত্তৰ পূব ছাত্র সংগঠন চমুকৈ নেছ'(North East Students' Organisation) । নেছ'ৰ মঞ্চত দুয়োখন ৰাজ্যৰ ছাত্র সংগঠন দুটাৰ নেতৃত্বই আজি ত্রিপুৰাত মিলিত হৈ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে । দুয়োখন ৰাজ্যৰ চৰকাৰক সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে দায়িত্ব পালন কৰিবলৈ দাবী জনায় সংগঠন দুটাই ।

Assam-Meghalaya Border Firing
আছু আৰু খাচী ছাত্র সন্থাৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Nov 24, 2022, 9:43 PM IST

গুৱাহাটী,২৪ নৱেম্বৰ: অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা এতিয়াও শাম কটা নাই । পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ'ত মঙলবাৰে সংঘটিত হোৱা ঘটনাই বৰ্তমান বিক্ষিপ্ত ৰূপ ধাৰণ কৰিছে । মঙলবাৰে সংঘটিত হোৱা ঘটনাত অসমৰ এজন বনৰক্ষী আৰু ৫ জন খাচী লোকৰ মৃত্যু হৈছিল(Assam Meghalaya conflict) । এই ঘটনাক কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য উত্তপ্ত হৈ পৰিছে । ইফালে সীমান্তৰ ঘটনাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ মাজত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিক লৈ(Assam Meghalaya border violence) উদ্বিগ্ন হৈ পৰিছে উত্তৰ পূব ছাত্র সংগঠন চমুকৈ নেছ' ।

ৰাজ্য দুখনৰ শেহতীয়া পৰিস্থিতিক লৈ বৃহস্পতিবাৰে এক আলোচনাত মিলিত হয় সদৌ অসম ছাত্র সন্থা আৰু খাচী ছাত্র সন্থাৰ নেতৃবৰ্গ । নেছ'ৰ মঞ্চত দুয়োখন ৰাজ্যৰ ছাত্র সংগঠন দুটাৰ নেতৃত্বই ত্রিপুৰাত মিলিত হৈ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে । কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত আছু আৰু মেঘালয়ৰ খাচী ছাত্ৰ সন্থাৰ নেতৃত্বই বিশদভাৱে আলোচনাত কৰে । কাৰ্বি আংলঙৰ ঘটনাত নেছ’ৰ লগতে আছু আৰু খাচী ছাত্ৰ সন্থাই উদ্বেগ প্ৰকাশ কৰে(NESO condemns border firing incident) ।

নেছ'ৰ লগতে আছু আৰু খাচী ছাত্র সন্থাই দুয়োখন ৰাজ্যৰ চৰকাৰক সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে দায়িত্ব পালন কৰিবলৈ দাবী জনায় । সীমান্তত বাস কৰা দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁলোকে আহ্বান জনায় । এই আলোচনাত নেছ'ৰ উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, নেছ'ৰ সাধাৰণ সম্পাদক চিনাম প্ৰকাশ সিং, আছুৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, খাচী ছাত্র সন্থাৰ সভাপতি চেমৱেল জেৰৱাকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

তেওঁলোকে দুয়োখন ৰাজ্যৰ জনসাধাৰণক সংযম বৰ্তাই ৰখাৰ বাবে আহ্বান জনায় ৷ তেওঁলোকে লগতে দুয়োখন ৰাজ্যৰ চৰকাৰক পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সমস্যাৰ স্থায়ী সমাধানৰ বাবে দাবী জনায় । উল্লেখ্য যে অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা এতিয়াও অব্যাহত আছে(Violence in Assam Meghalaya Border) । ঘটনাটোক কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য উত্তপ্ত হৈ পৰিছে । বিশেষকৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ লোকৰ লগতে অসমৰ বাহনত আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে । অসমৰ পঞ্জীয়নকৃত বহু বাহন আবদ্ধ হৈ আছে শ্বিলঙত । বিশেষকৈ পৰ্যটকসহ অসমৰ বহু বাহন শ্বিলঙত আবদ্ধ হৈ আছে ।

লগতে পঢ়ক:Assam-Meghalaya Border Firing: সীমান্তৰ ঘটনাক লৈ মেঘালয়ত অব্যাহত আছে উত্তেজনা

ABOUT THE AUTHOR

...view details