অসম

assam

ETV Bharat / state

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জনতা ভৱনত প্ৰথমবাৰৰ বাবে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে অনুষ্ঠিত কেবিনেট বৈঠক ৷

By

Published : May 8, 2020, 8:58 PM IST

assam cabinet decision
assam cabinet decision

গুৱাহাটী , ৮ মে':ৰাজ্যত বৃদ্ধি কৰা হ'ল বিলাতী সুৰাৰ মূল্য । এতিয়াৰে পৰা যিকোনো বিলাতী সুৰাৰ সৰ্বাধিক খুচুৰা মূল্য (MRP)ৰ ওপৰত আৰু ২৫ শতাংশ মূল্য বৃদ্ধি পাব । শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জনতা ভৱনত প্ৰথমবাৰৰ বাবে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে অনুষ্ঠিত, কেবিনেট বৈঠকে সুৰাৰ মূল্যবৃদ্ধিৰ এই সিদ্ধান্তত অনুমোদন জনায় । কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্ত সমূহ প্ৰকাশ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় কৰ'ণাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বিলাতী সুৰাৰ এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে ।

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
আনহাতে আজিৰ কেবিনেটে অসম মাৰ্কেটিং ব'ৰ্ডৰ ১৯৭২ চনৰ আইনখন বাতিল কৰি এখন নতুন আধ্যাদেশ জাৰি কৰে ৷ যাৰ ফলত আগন্তুক সময়ত আছাম মাৰ্কেটিং ব'ৰ্ড একপ্ৰকাৰ ভংগ হোৱাটো নিশ্চিত হ'ল । মাৰ্কেটিং ব'ৰ্ডৰ কৰ্মচাৰী সকলক অন্যান্য চৰকাৰী বিভাগত নিয়োগৰ ব্যৱস্থা কৰিব চৰকাৰে । মন্ত্ৰী পাটোৱাৰীয়ে কেবিনেটৰ আৰু এক সিদ্ধান্তৰ কথা সদৰি কৰি কয় যে, পূৰ্বতে বিজুলী সংযোগসহ ১০ জন কৰ্মচাৰী থকা উদ্যোগ শ্ৰম বিভাগৰ আওতাত নাছিল । আজিৰ কেবিনেটে এই ক্ষেত্ৰত কৰ্মচাৰীৰ সংখ্যা ২০ জনলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে । একেদৰে বিজুলী সংযোগ নোহোৱাকৈ ২০ জন কৰ্মচাৰী থকা উদ্যোগ সমূহো পূৰ্বতে শ্ৰম বিভাগৰ আওতাত নাছিল । এতিয়াৰে পৰা তেনে উদ্যোগে ৪০ জন পৰ্যন্ত কৰ্মচাৰী ৰাখিব পাৰিব । অনুৰূপভাৱে বিভিন্ন কোম্পানীয়ে এতিয়াৰে পৰা 8 ঘন্টীয়া কৰ্মৰ সময় 12 ঘন্টালৈ ইচ্ছা কৰিলে বৃদ্ধি কৰিব পাৰিব । এই সিদ্ধান্ততো আজি কেবিনেটে অনুমোদন জনায় ।
বিভিন্ন কোম্পানীয়ে এতিয়াৰে পৰা 8 ঘন্টীয়া কৰ্মৰ সময় 12 ঘন্টালৈ ইচ্ছা কৰিলে বৃদ্ধি কৰিব পাৰিব

ABOUT THE AUTHOR

...view details