অসম

assam

By

Published : Mar 5, 2020, 7:42 PM IST

ETV Bharat / state

বাজেটখনত জনকল‍্যাণমূলক আঁচনি সন্নিৱিষ্ট থাকিবঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম বাজেট ২০২০ক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ বাজেটত সকলো শ্ৰেণীৰ লোকৰ বাবে সুকীয়াকৈ উন্নয়নমূলক আঁচনি গ্ৰহাণ কৰা হৈছে । বাজেটখনত দিব্যাংগ, মহিলা, বয়োজ্যেষ্ঠ আদি লোকৰ বাবে সুকীয়াকৈ আঁচনি গ্ৰহণ কৰা হ’ব ৷

Assam Budget 2020
অসম বাজেট ২০২০

গুৱাহাটী,5 মাৰ্চঃ শুকুৰবাৰে বিধানসভাত উত্থাপন হ’বলগীয়া বাজেটক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ যোগদান কাৰ্যসূচীত ভাগ লৈ সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অসম বাজেট ২০২০ সৰ্ম্পকে বহু গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰে ।

উত্থাপন হ’বলগীয়া বাজেটখনত জনকল‍্যাণমূলক আঁচনি সমূহ সন্নিৱিষ্ট কৰাৰ বাবে বিশেষ পদক্ষেপ লোৱা হ'ব বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে । লগতে বাজেটখনত কেইবাটায়ো নতুন দিশ উন্মোচন কৰা হ'ব, যিয়ে ২০২০-২১ নহয় পৰৱৰ্তী ৫-১০ বছৰৰ বাবে উন্নয়নৰ গতি তৰান্বিত কৰাত সহায় কৰিব বুলি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে উল্লেখ কৰে ৷ বাজেটত প্ৰায় ৩০-৪০ লাখ পৰিয়ালৰ উন্নয়নৰ বাবে বিশেষ ব‍্যৱস্থা গ্ৰহণ কৰাৰ লগতে নতুন দৰ্শন অন্তৰ্ভুক্ত কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

অসম বাজেট ২০২০

আনহাতে, এইবাৰৰ বাজেটত সকলো শ্ৰেণীৰ লোকৰ বাবে সুকীয়াকৈ উন্নয়নমূলক আঁচনি দাখিল কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । বাজেটখনত দিব্যাংগ, মহিলা, বয়োজ্যেষ্ঠ আদি লোকৰ বাবে সুকীয়াকৈ আঁচনি গ্ৰহণ কৰা হ’ব ৷

লগতে চাওকঃডিব্ৰুগড়ত শোৱনি কোঠাত সোমাল তীব্ৰবেগী ডাম্পাৰ

ABOUT THE AUTHOR

...view details