অসম

assam

ETV Bharat / state

অসমীয়াক সুৰক্ষা দিয়াৰ দাবী আমছুৰ !

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক অনুৰোধ আমছুৰ ৷

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হওকঃ অসম সংখ্যাগৰিষ্ঠ ছাত্ৰ সন্থা

By

Published : Sep 13, 2019, 9:32 PM IST

নেশ্বনেল ডেস্কঃ অসম চুক্তিৰ 6 দফা কাৰ্যকৰী কৰাৰ বাবে এক উচ্চস্তৰীয় সমিতি গঠন কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক অনুৰোধ জনায় আমছুৱে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে এক উচ্চস্তৰীয় কমিটি গঠন কৰাৰ পাচতেই বৃহস্পতিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থা(আমছু) য়ে অভিযোগ উত্থাপন কৰে যে, এই কমিটিখনে অসমীয়া লোকক ভুলকৈ উপস্থাপন কৰিছে ৷

এই সন্দৰ্ভত আমছুৰ উপদেষ্টা অজিজুৰ ৰহমানে গৃহ সচিব অজয় কুমাৰ ভল্লাক দিয়া পত্ৰত উল্লেখ কৰে যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত ছাত্ৰ সংগঠনটোৱে সম্পূৰ্ণ সহযোগিতা কৰিছে ৷ এতিয়া অসম চুক্তিৰ 6 দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো আমছুৱে পূৰ্ণ সহযোগিতা আগবঢ়াব ৷ অৱশ্যে কেন্দ্ৰীয় কমিটিখনে অসমীয়া খিলঞ্জীয়াক স্বদেশী আদিবাসী, স্বদেশী অসমীয়া আদি শব্দৰে ভুলকৈ উপস্থাপন কৰিছে বুলি উল্লেখ কৰে ৰহমানে ৷ সেয়ে ছাত্ৰ সংগঠনটোৱে গৃহ সচিবগৰাকীক এক চুক্তি নিৰ্ধাৰণৰ জৰিয়তে অসমীয়া লোকসকলক ৰক্ষাবেক্ষণ দিবৰ বাবে অনুৰোধ জনাই ৷ অসম চুক্তিৰ 6 নং দফাই অসমীয়া খিলঞ্জীয়া ভূমি পূত্ৰক ভূমি, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ প্ৰধান কৰে ৷

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হওকঃ অসম সংখ্যাগৰিষ্ঠ ছাত্ৰ সন্থা

এই সন্দৰ্ভত গৃহমন্ত্ৰণালয়ে 15 জুলাইত অসম দফাৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসমৰ লেখক, ছাত্ৰ-নেতা, চৰকাৰী প্ৰতিনিধিক লগত লৈ এক উচ্চস্তৰীয় কমিটি গঠন কৰিছিল ৷ পোন প্ৰথমবাৰৰ 1985 চনত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সংগঠন চমুকৈ আছুৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল অসম চুক্তিৰ ৷

ABOUT THE AUTHOR

...view details