গুৱাহাটী, 21 মে‘ : পশ্চিম বংগৰ দীঘা আৰু বাংলাদেশৰ হাতিয়া দ্বীপৰ মাজৰ উপকূলত বুধবাৰে খুন্দা মৰা ঘূৰ্ণিবতাহ আম্ফানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে পশ্চিম বংগত । পশ্চিম বংগৰ কলকাতাকে ধৰি কেইবাখনো জিলাত তাণ্ডৱ সৃষ্টি কৰিছে এই ঘূৰ্ণিবতাহ আম্ফানে । পশ্চিম বংগৰ লগতে উৰিষ্যাতো ঘূৰ্ণিবতাহ আম্ফানৰ তাণ্ডৱ চলিছে । অসমতো এই আম্ফানৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ।
বুধবাৰৰ পৰাই ডাৱৰীয়া হৈ আছিল অসমৰ আকাশ আৰু বুধবাৰ নিশাৰে পৰা ধাৰাসাৰ বৃষ্টি আৰম্ভ হোৱাৰ লগতে তীব্ৰ বেগত বতাহ বলিছে অসমত । সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীতো ঘূৰ্ণিবতাহ আম্ফানৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । পশ্চিম বংগ আৰু উৰিষ্যাত তাণ্ডৱ চলাই অহা আম্ফান ঘূৰ্ণি বতাহৰ ব্যাপক প্ৰভাৱ নামনি অসমৰ কেইবাখনো জিলাত দেখিবলৈ পোৱা গৈছে । বিশেষকৈ ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰত তীব্ৰ বেগত বতাহ বলি থকাৰ কথা জানিবলৈ পোৱা গৈছে ।