গুৱাহাটী, ২০ ছেপ্টেম্বৰ:সংসদত উত্থাপিত নাৰী শক্তি বন্দন বিধেয়কক লৈ দেশত ব্যাপক চৰ্চা অব্যাহত আছে ৷ এইবাৰ গৃহীত হৈ আইন হোৱাৰ দিশত আগবাঢ়িছে মহিলা সংৰক্ষণ বিধেয়কখন । বিধেয়কখনক লৈ দেশজুৰি উৎফুল্লিত বিজেপি । বিৰোধীৰ মিত্ৰজোঁট I.N.D.I.A.য়ো শক্তি বন্দন বিধেয়কলৈ জনাইছে নিজৰ সমৰ্থন ৷
বিধেয়কখন গৃহীত হোৱাৰ ফলত দেশজুৰি ৰাজনৈতিক ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন ঘটিব বুলি পূৰ্বানুমান কৰা হৈছে ৷ দেশৰ অন্য প্ৰান্তৰৰ লগতে অসমতো ইয়াৰ নিশ্চিত প্ৰভাৱ পৰিব । বিধেয়কখন গৃহীত হোৱাত বৰ্তমানৰ আসনৰ হিচাবত অসমৰ লোকসভাৰ ১৪ খন আসনৰ ৪ খনেই সংৰক্ষিত হ’ব তেতিয়া মহিলাৰ বাবে ৷ ৰাজ্যৰ বিধান সভাৰ বৰ্তমানৰ ১২৬ খন আসনৰ ভিতৰত ৪১ খনেই সংৰক্ষিত হ’ব মহিলাৰ বাবে ।
অৱশ্যে বিধেয়কখন গৃহীত হ’লেও ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে আইনখন কাৰ্যকৰী নহয় । ২৪ত নহ’লেও ২৬ৰ অসম বিধানসভাৰ ক্ষেত্ৰত আইনখন কাৰ্যকৰী হ’লে এতিয়াৰ ১২৬ খন আসনৰ ৪১খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব । অৰ্থাৎ ২০২৬ৰ পাচত অসমৰ বিধানসভাত মহিলা বিধায়কৰ সৱল স্থিতি হ’ব । মাত্ৰ এবাৰতে ৪১ গৰাকী মহিলা বিধায়ক নিৰ্বাচিত হৈ আহিব অসম বিধানসভালৈ ৷ কোৱা হৈছে যে মহিলাৰ এই সংৰক্ষণৰ ব্যৱস্থা দেশত কাৰ্যকৰী হ’ব ২০২৬ত হ’বলগীয়া দেশৰ লোকপিয়লৰ পিচত ৷ ২০২৬ চনত হ’ব লগা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত লোকসভাৰ আসন বৰ্তমানৰ ৫৪৩ ৰ পৰা প্ৰায় ৩০০ৰো আসন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞসকলে সদৰী কৰিছে ৷ তেতিয়া যদিহে দেশৰ লোকসভাৰ আসনৰ সংখ্যা প্ৰায় ৮৪৬ খন হয়গৈ তেন্তে ২৭৯ খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব ৷ এই অনুসৰি তেতিয়া অসম বিধানসভাতো আসনৰ সংখ্যা প্ৰায় ১২৬ খনৰ পৰা ৬০ খনৰ ওপৰত বাঢ়িব । কিন্তু বহুতৰ মতে ২০২৬ চনতো কাৰ্যকৰী নহ’বগৈ মহিলা সংৰক্ষণ আইনখন ৷ ২০২৬ চনতো আইনখন কাৰ্যকৰী নহ’ব বুলি ধাৰণা কৰাসকলৰ মতে এয়া বিজেপিৰ ২০২৪ৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক জুমলাবাজীৰ বাদে আন একো নহয় ৷