অসম

assam

By

Published : Oct 5, 2022, 8:47 PM IST

ETV Bharat / state

চূণচালি জয়পুৰ ঘাটত প্ৰায় ৪০ খন পূজাৰ প্ৰতিমা বিসৰ্জন

অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ আনন্দ-উল্লাস । আন ভিন্ন ঠাইৰ দৰে গুৱাহাটীতো দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ’ল ৷ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ দুৰ্গা দেৱীৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া দেখা গ’ল (Immersion of Durga idols in Guwahati)।

চূণচালি জয়পুৰ ঘাটত প্ৰায় ৪০ খন পূজাৰ প্ৰতিমা বিসৰ্জন
চূণচালি জয়পুৰ ঘাটত প্ৰায় ৪০ খন পূজাৰ প্ৰতিমা বিসৰ্জন

গুৱাহাটী, ৫ অক্টোবৰ: ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পাছত আজিৰ পৰা কাৰ্যতঃ অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ আনন্দ-উল্লাস । মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি উজান বজাৰ সংযোগী পথৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ চূণচালি জয়পুৰ ঘাটতো(Sunchali ghat Guwahati) আজিৰ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ দুৰ্গা দেৱীৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া দেখা যায় (Immersion of Durga idols in Guwahati)।

বিশেষকৈ দুৰ্গা পূজাৰ প্ৰতিমাসমূহ বিসৰ্জনৰ সময়ত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ অন্যান্য ঘাটৰ দৰে জয়পুৰ নদী ঘাটতো এছ ডি আৰ এফ বাহিনী, আৰক্ষী -প্ৰশাসন, নদী আৰক্ষী মোতায়েন কৰাৰ লগতে নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিয়ে যথেষ্ঠ সংখ্যক স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰে ।

চূণচালি জয়পুৰ ঘাটত প্ৰায় ৪০ খন পূজাৰ প্ৰতিমা বিসৰ্জন

প্ৰায় ১০০ মিটাৰ দূৰত্বৰ পৰা বিসৰ্জনৰ বাবে অনা প্ৰতিমাসমূহ স্বেচ্ছাসেৱকসকলে গ্ৰহণ কৰি পাছত দুৰ্গা পূজা সমিতিৰ ১০ জন কৰ্মকৰ্তাৰ উপস্থিতিত কিছু দূৰৈৰ পৰা প্ৰতিমাসমূহ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ বাবে ব্যৱস্থা কৰা হয় ।

তাৰোপৰি বিসৰ্জনৰ সময়ত যাতে ঘাটত কোনো ধৰণৰ বেমেজালি নতুবা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে অধিক সতৰ্ক দৃষ্টি নিক্ষেপ কৰে । আনহাতে দেৱীৰ বিসৰ্জনৰ সময়ত যাতে ১০ জনতকৈ অধিক লোক সমবেত অথবা শোভাযাত্ৰা কৰি নাহে, প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ নকৰে তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখে আৰক্ষী-প্ৰশাসনে ।

জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা মতে এইবাৰ এই ঘাটত বৰবাৰী, বামুনিমৈদাম, সাতগাঁও, হাতীগড় চাৰিআলি, খাৰঘুলি, বেলতলা, চান্দমাৰী, গীতানগৰ, নুনমাটি, নাৰেংগী, ফৰেষ্টগেট, মঠঘৰীয়াকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০ খন পূজা সমিতিৰ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন কৰা হয় ।

আজিৰ এই বিসৰ্জন কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰী, মধ্য আৰক্ষী জিলাৰ নুনমাটি সংমণ্ডলৰ এ চি পি নিলোৎপল ডেকা, নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত বৰা, নুনমাটি যান বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কামেশ্বৰ বৈশ্য, চৰকাৰী গাৱপ্ৰধান জয়ন্ত দাস, বিজেপি দিছপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক পবিত্ৰ দাস, নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিৰ উপদেষ্টা ঋতুপৰ্না ডেকা, সভাপতি দিলিপ টাৰু, উপ-সভাপতি ফনীধৰ দাস, সাধাৰণ সম্পাদক হিকমত আলী, কোষাধ্যক্ষ কমল বৰা, প্ৰীতিৰেখা শৰ্মা আদি উপস্থিত থাকে ।

লগতে পঢ়ক:যোৰহাটৰ ভোগদৈ পূজা ডুবি ঘাটত দুৰ্গা প্ৰতিমা বিসৰ্জন আৰম্ভ

ABOUT THE AUTHOR

...view details