গুৱাহাটী, 2 চেপ্তেম্বৰঃ নিশাৰ ভিতৰতে ছয়মাইল উৰণীয়া সেঁতু দখল সন্দেহযুক্ত নাগৰিকৰ । মহানগৰীৰ ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত অবৈধ ভাবে নিশাটোৰ ভিতৰতে নিৰ্মাণ হ'ল শ শ মাছ, শাকপাঁচলি , ফলমূলকে ধৰি বিভিন্ন বিপনী ।
ছয়মাইল উৰণীয়া সেঁতু দখল সন্দেহযুক্ত নাগৰিকৰ ! - মহানগৰীৰ ছয়মাইল
উল্লেখযোগ্য যে, যি সময়ত GMCৰ অনুমতি নোহোৱাকৈ মহানগৰীত এখন বেনাৰ পোষ্টাৰ লগোৱা সম্ভৱ নহয় সেই সময়ত প্ৰায় শ শ বিপনী দৃষ্টিগোচৰ নোহোৱাতো ৰহস্যৰ বিষয় ।
যি সময়ত ফাঁচী বজাৰৰ , গণেশগুৰিকে ধৰি পদপথৰ বিপনীসমূহ গুৱাহাটী পৌৰ নিগমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে । সেই সময়তে মহানগৰীৰ ছয়মাইলত কাঠফুলৰ দৰে গঢ় লৈছে একাংশ সন্দেহযুক্ত নাগৰিকৰ বিপনী ।
আনহাতে, ছয়মাইলৰ এই অবৈধ বজাৰ খন গঢ় দিয়াৰ আঁৰত এক বৃহৎ চক্ৰ জড়িত হৈ আছে । প্ৰতিদিনে এখন বিপনী পৰা ২০০ ৰ পৰা ৩০০ টকালৈ গুণ্ডা কৰ লয় এই চক্ৰটোৱে । উল্লেখযোগ্য যে, যি সময়ত GMCৰ অনুমতি নোহোৱাকৈ মহানগৰীত এখন বেনাৰ পোষ্টাৰ লগোৱা সম্ভৱ নহয় সেই সময়ত প্ৰায় শ শ বিপনী দৃষ্টিগোচৰ নোহোৱাতো ৰহস্যৰ বিষয় ।