গুৱাহাটী, 29 মে':তেলৰ মূল্য আকাশলংঘী হোৱাৰ সময়তে পোহৰলৈ আহিছে এক তেল চোৰৰ ঘটনা ৷ নৈশ সান্ধ্য আইনৰ সুযোগ লৈ একাংশ তেলচোৰে অব্যহত ৰাখিছে তেলৰ চোৰাং ব্যৱসায় ৷ শুকুৰবাৰে নিশা যোৰাবাটত আৰক্ষীয়ে জব্দ কৰে চোৰাং তেল কঢ়িওৱা AS 01DD 1400 আৰু AS 01JC 1518 নম্বৰৰ দুখন বলেৰ’ বাহন ৷
যোৰাবাটত অবৈধ চোৰাং তেল জব্দ আৰক্ষীৰ - নৈশ সান্ধ্য আইন
যোৰাবাট আৰক্ষীৰ অভিযানত জব্দ চোৰাং তেল কঢ়িওৱা বাহন ৷ বাহন দুখনত আছে প্ৰায় 6000 লিটাৰ তেল যাৰ বজাৰ মূল্য প্ৰায় 5 লাখ টকা ৷
যোৰাবাটত অবৈধ চোৰাং তেল জব্দ আৰক্ষীৰ
জানিব পৰা মতে, মেঘালয়ৰ পৰা সোণাপুৰ অভিমুখে আহি আছিল বাহন দুখন ৷ নিশা যোৰাবাট আৰক্ষীৰ অভিযানত জব্দ হয় বাহন দুখন ৷ বাহন দুখনত আছে প্ৰায় 6000 লিটাৰ তেল যাৰ বজাৰ মূল্য প্ৰায় 5 লাখ টকা ।