মিৰ্জাত দুই চুলাই ব্যৱসায়ী গ্ৰেপ্তাৰ
মিৰ্জা আবকাৰী বিভাগৰ অভিযানত জব্দ ১০০ লিটাৰৰো অধিক অবৈধ চুলাই, দুজনক আটক । আটকাধীন লোককেইজনক শুকুৰবাৰে আমিনগাঁওস্থিত CJM আদালতত হাজিৰ কৰোৱা হ'ব ।
মিৰ্জা, 6 চেপ্তেম্বৰঃ মিৰ্জা আবকাৰী বিভাগৰ জালত পৰিল অবৈধ চুলাই ব্যৱসায়ী । বৃহস্পতিবাৰে মিৰ্জা আবকাৰী বিভাগৰ বিষয়া সতীশ বৰ্মনৰ নেতৃত্বত চলা অভিযানত আটক কৰা হয় চুলাই ব্যৱসায়ীদুজনক । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি লোক দুজনে দক্ষিণ কামৰূপত চলাই গৈছিল অবৈধ চুলাইৰ বেহা । এক গোপন সূত্ৰৰ পম খেদি দক্ষিণ কামৰূপৰ ঝাৰোবড়ী আৰু বঙৰাৰ পৰা লোককেইজনক হাতে-লোটে ধৰি আটক কৰে আবকাৰী বিভাগে ৷ লগতে লোককেইজনৰ পৰা প্ৰায় ১০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰে । আটকাধীন লোককেইজনক শুকুৰবাৰে আমিনগাঁওস্থিত CJM আদালতত হাজিৰ কৰোৱা হ'ব ।