অসম

assam

By

Published : Feb 25, 2023, 8:01 AM IST

ETV Bharat / state

Illegal hill mining: অবাধ পাহাৰ খননে দক্ষিণ গৰলীয়া পাহাৰলৈ মাতিছে বিপদ

গুৱাহাটীত ব্যাপক হাৰত অবাধে চলিছে পাহাৰ খনন (Hill mining in Guwahati) ৷ যাৰ বাবে এতিয়া নিঃশেষ হোৱাৰ উপক্ৰম হৈছে গুৱাহাটীৰ দক্ষিণ গৰলীয়া পাহাৰ ৷ অবাধে চলা এই পাহাৰ খননক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

Illegal hill mining
গুৱাহাটীত অবাধ পাহাৰ খনন; অস্তিত্বৰ সংকটত দক্ষিণ গৰলীয়া পাহাৰ

গুৱাহাটীত অবাধ পাহাৰ খনন; অস্তিত্বৰ সংকটত দক্ষিণ গৰলীয়া পাহাৰ

গুৱাহাটী, 25 ফেব্ৰুৱাৰী:মৃত্যুৰ দিশে গতি কৰিছে গুৱাহাটী মহানগৰীৰ এখন পাহাৰ ৷ সম্প্ৰতি পাহাৰখন অস্তিত্বহীন হোৱাৰ উপক্ৰম ঘটিছে ৷ নীতি বৰ্হিভূতভাৱে চলা খনন কাৰ্যৰ বাবেই এতিয়া নিঃশেষ হোৱাৰ দিশে গতি কৰিছে পাহাৰখন (Illigal hill mining) ৷

ৰাজ্যত ব্যাপক হাৰত অব্যাহত আছে বন ধ্বংসযজ্ঞ ৷ একাংশ লোকে নীতি বৰ্হিভূতভাৱে বনভূমি ধ্বংস কৰাৰ লগতে সেউজীয়া পাহাৰতো চলাই আহিছে খনন কাৰ্য ৷ গুৱাহাটী মহানগৰীতো বৰ্তমান চলিছে পাহাৰ খননৰ অঘোষিত প্ৰতিযোগিতা ৷ ফলত এতিয়া চিনমোকাম নোহোৱা হ’ব ধৰিছে মহানগৰীৰ দক্ষিণ গৰলীয়া পাহাৰ ৷

মহানগৰীৰ সৰুসজাইৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত অৱস্থিত এইখন গৰলীয়া পাহাৰ ৷ কিন্তু এতিয়া পাহাৰখনত ব্যাপক হাৰত চলিছে খনন কাৰ্য ৷ 5 খনকৈ এস্কেভেটৰেৰে এফালৰ খনন চলাই যোৱা হৈছে পাহাৰখনত ৷ খনন কৰা সেই মাটি কঢ়িওৱা হৈছে ডাম্পাৰাত ৷ ফলত সেইজীয়া পাহাৰটো লঠঙা হৈ পৰাৰ লগতে পাহাৰৰ বুকুত সৃষ্টি হৈছে বৃহৎ গাঁত (Illegal earth mining in Guwhati) ৷

কেৱল সিমানেই নহয়, পাহাৰ খননৰ বাবে এতিয়া খহি যোৱাৰ উপক্ৰম হৈছে উচ্চ ক্ষমতা সম্পন্ন এটা বৃহৎ বৈদ্যুতিক টাৱাৰ । আনহাতে, দিন দুপৰতে চলা এই খনন কাৰ্যৰ বাবে সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল ৷ মাটি কঢ়িয়াবলৈ সঘনে ডাম্পাৰ চলাচল কৰাৰ ফলত ধূলিময় হৈ পৰিছে সমগ্ৰ পথছোৱা ৷ যাৰ বাবে পথচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে, বাৰিষাৰ সময়ত যাতায়তৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ নবেম্বৰ মাহতো এই পাহাৰটোত চলিছিল খনন কাৰ্য ৷ পাহাৰৰ ৰঙা মাটি ব্যৱহাৰ কৰা হৈছিল নিৰ্মীয়মান ছয়লেন যুক্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ অৱশ্যে স্থানীয় লোক আৰু সংবাদমাধ্যমৰ তৎপৰতাত বন্ধ কৰা হৈছিল পাহাৰ খনন (Protest against hill mining) ৷

কিন্তু পুনৰ পাহাৰটোৰ বুকুত খনন কাৰ্য আৰম্ভ হোৱাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ বনবিভাগৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতেই এইদৰে চলিছে নেকি পাহাৰ খনন ? ইয়াক লৈয়ো এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ ৷ সেয়ে উপায়ন্তৰ ৰাইজে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ৷

লগতে পঢ়ক:Missing student rescued: মৰিয়নিত উদ্ধাৰ কটনৰ সন্ধানহীন ছাত্ৰ সূৰ্য নাৰায়ণ দাস

ABOUT THE AUTHOR

...view details