গুৱাহাটী,১৩ মাৰ্চ:অসম চৰকাৰে ৰাজ্যজুৰি সংৰক্ষিত বনাঞ্চল আৰু চৰকাৰী মাটি বেদখলমুক্ত কৰাৰ লগতে ভূমাফিয়া আৰু দালাল চক্ৰৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলাই আহিছে । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে অসম আৰক্ষীয়ে বিগত সময়ত ৰাজ্যজুৰি দালাল আৰু ভূ মাফিয়া চক্ৰৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ৬০০ দালালক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ।
কিন্তু চৰকাৰৰ এনে ব্যাপক তৎপৰতাৰ পাছতো ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতে মাটিৰ দালাল, ভূ মাফিয়া আৰু বেদখলকাৰী চক্ৰই অতি কৌশলেৰে চৰকাৰী মাটিৰ লগতে সংৰক্ষিত বনাঞ্চলৰ মাটিও বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে বন বিভাগৰ শীৰ্ষ নেতৃত্বই গৃহ বিভাগৰ সহযোগত গুৱাহাটী মহানগৰীত থকা ছয়খন সংৰক্ষিত বনাঞ্চলত বিগত পাঁচ মাহত বেদখলৰ বাবে চেষ্টা চলোৱা ১৫০ টা ঘটনা ধৰা পেলাই ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে(Forest department stops encroachment attempt) ।
বন বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াই সদৰি কৰা মতে গুৱাহাটী মহানগৰীৰ ছয়খন সংৰক্ষিত বনাঞ্চলত বহু বছৰ ধৰি প্ৰায় ৩,৯৩৪ টা পৰিয়ালে মাটি বেদখল কৰি আছে । ইয়াৰ ভিতৰত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত ৫৭৯ হেক্টৰ ভূমি ১,৪২৭ টা পৰিয়ালে বেদখল কৰাৰ বিপৰীতে জালুকবাৰীত ৯৭.৭০ হেক্টৰ সংৰক্ষিত বনাঞ্চলত ১৭ টা পৰিয়ালে বেদখল কৰি আছে । তেনেদৰে কালাপাহাৰত ৭০ হেক্টৰ ভূমিত ৯১১টা পৰিয়াল, ফটাশিলত ৬৬৯.০২ হেক্টৰ ভূমিত ১,২৯৮ টা পৰিয়াল, গোটানগৰত ২৬৬ হেক্টৰ ভূমিত ২৬৬ টা পৰিয়াল আৰু শৰণীয়া পাহাৰত ৭.৯৯ হেক্টৰ ভূমিত ১৭ পৰিয়ালে বেদখল কৰি আছে ।
উল্লেখ যে ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা বন বিভাগ আৰু বন বাহিনীৰ মুৰব্বী ডঃ অলকা ভাৰ্গৱে বিগত বৰ্ষৰ পহিলা জুলাইত কাৰ্যভাৰ গ্ৰহণৰ পাছতে গুৱাহাটী মহানগৰীত সংৰক্ষিত বনাঞ্চলত যাতে নতুনকৈ কোনো ধৰণৰ বেদখলৰ ঘটনা সংঘটিত নহয় তাৰ বাবে তৎকালে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডি এফ অ'ক দিছিল । তাৰ পাছত পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ' ৰোহিণী শইকীয়াই গুৱাহাটীৰ বনাঞ্চলিক বিষয়াৰ জৰিয়তে গুৱাহাটীৰ ছয়খন সংৰক্ষিত বনাঞ্চলৰ তদাৰকৰ দায়িত্বত থকা খণ্ড বন বিষয়াসকলক বেদখল উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল ।