গুৱাহাটী, 5 জুলাই : লক ডাউনৰ সময়ছোৱাত একাংশ শীৰ্ষ আৰক্ষী আৰু ৰাজনৈতিক নেতাৰ ছত্ৰছাঁয়াত গৰুৰ চোৰাং ৰপ্তানি অব্যাহত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি, বিগত কেইদিনমান ধৰি গুৱাহাটী মহানগৰী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ভালে সংখ্যক চোৰাং গৰু ভৰ্তি বাহনৰ চলাচল অব্যাহত আছে।
3 জুলাইত নিশা যান-বাহন আৰক্ষীয়ে সোণাপুৰত এখন গৰু ভৰ্তি গাড়ী জব্দ কৰাৰ লগে লগে চোৰাং গৰু বেপাৰৰ তথ্য পোহৰলৈ আহে। ইটিভি ভাৰতে যুগুত কৰা তথ্য অনুসৰি, 3 জুলাইৰ মাজনিশা নগাঁৱৰ ফালৰ পৰা অহা এখন ট্ৰাক (AS-02- 1185) যান-বাহন শাখাৰ তহলদাৰী আৰক্ষীয়ে ৰখোৱাত ট্ৰাকখনত থকা কৰ্মচাৰীয়ে বিষয়টো লুকুৱাব বিচাৰিছিল যদিও সেই মূহুৰ্ততে গৰুৱে হেম্বেলিওৱাত ৰহস্য পোহৰলৈ আহে।
ঘটনাস্থলীত স্থানীয় দুই এজন লোক উপস্থিত হোৱাৰ পিছত আৰক্ষীও বিবুধিত পৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে নগাঁও জিলাৰ লংকা, ফুলগুৰি, লাহৰীঘাট, চামুগুৰি আদি ঠাইৰ পৰা সংগ্ৰহ কৰা গৰুবোৰ কাছাৰ হৈ কৰিমগঞ্জলৈ লৈ গৈ তাৰ পৰা বাংলাদেশলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিল । এই গৰুবোৰ ইদ্ৰিছ আলী নামৰ এজন লোকে পঠিওৱা বুলি ট্ৰাকচালকে সদৰি কৰে । বাটত য’তেই আৰক্ষীয়ে বাহন জব্দ কৰিছে, তাতেই তেওঁলোকে ইদ্ৰিছ আলীৰ নাম কোৱাৰ পিছত বাহনসমূহ যাবলৈ অনুমতি দিয়ে প্ৰশাসনে । এনেদৰে নিয়মীয়াকৈ তেওঁলোকে গৰুবোৰ বাংলাদেশলৈ চোৰাংভাৱে চালান দি আহিছে । উল্লেখ্য যে, গাড়ীচালকে পৰা এই কথা স্পষ্টকৈ জনোৱাৰ পিছতো সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কোনো গোচৰ ৰুজু নকৰাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।