অসম

assam

ETV Bharat / state

Illegal Call Centre: ২ মাহৰ অন্তত আৰক্ষীৰ জালত কল চেণ্টাৰকাণ্ডৰ মূ্ল মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমান - কল চেণ্টাৰকাণ্ডৰ মূ্ল মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমান

কলচেণ্টাৰ যোগেদি চলোৱা বিয়াগোম লুণ্ঠনৰ বৃহৎ চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । অৱশেষত 2 মাহৰ অন্তত আৰক্ষীৰ জালত পৰিল কল চেণ্টাৰকাণ্ডৰ মূ্ল মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমান।

Etv BharatIllegal Call Centre
Etv Bharat২ মাহৰ অন্তত আৰক্ষীৰ জালত কল চেণ্টাৰকাণ্ডৰ মূ্ল মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমান

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:52 AM IST

গুৱাহাটী, 31 অক্টোবৰ : অৱশেষত 2 মাহৰ অন্তত আৰক্ষীৰ জালত পৰিল কল চেণ্টাৰকাণ্ডৰ মূ্ল মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমান। আৰক্ষীয়ে গুৱাহাটীৰ গান্ধীবস্তিৰ নিজ বিলাসী ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে পলাতক হৈ থকা কল চেণ্টাৰৰ মূল অভিযুক্ত তছদিকুৰ ৰহমানক। মাতৃ তথা প্ৰাক্তন IAS বিষয়া আতিকুৰ ৰহমানৰ নামত থকা ফ্লেটটোত আত্মগোপন কৰি আছিল তছদিকুৰে ৷

ইতিমধ্য, অপৰাধ শাখায়ে জব্দ কৰিছিল তছদিকুৰৰ কেইবাটাও অবৈধ কল চেন্টাৰ। ইয়াৰক লগতে জব্দ কৰিছিল থাৰ, ইন’ভাকে ধৰি তছদিকুৰৰ কেইবাখনো বিলাসী বাহন। ইয়াৰ পিচত SP নোমল মাহাত্তাৰ লগতে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াৰ লগত সু-সম্পৰ্ক থকাৰ অভিযোগ উঠিছিল তছদিকুৰ ৰহমানৰ বিৰুদ্ধে।

জানিব পৰা মতে, তছদিকুৰৰ পিতৃৰ মৃত্যু হৈছিল শনিবাৰে। তেজপুৰৰ পৈতৃক গৃহত সম্পন্ন হৈছিল পিতৃৰ জানাজা। পিতৃৰ জানাজাৰ পিচতেই অসমলৈ উভতিছিল পুত্ৰ তছদিকুৰ। বিগত ২ মাহে বহিঃৰাষ্ট্রত পলাই আছিল তছদিকুৰ ৰহমান।

IAS পুত্ৰ হোৱাৰ সুবাদতেই তদন্তকাৰী অপৰাধ শাখাৰ জালৰ পৰা ৰক্ষা পৰাৰ অভিযোগ উঠিছিল পলাতক তছদিকুৰৰ বিৰুদ্ধে। সম্প্ৰতি অপৰাধ শাখাৰ শীৰ্ষ বিষয়াই সোধা পোছা অব্যাহত ৰাখিছে তছদিকুৰ ৰহমানক। এতিয়াও এই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত আছে মহানগৰ আৰক্ষী।

উল্লেখ্য যে, মহানগৰ আৰক্ষীয়ে প্ৰায় দুমাহ পূৰ্বে 8 টা কল চেন্টাৰত অভিযান চলায় মূল অভিযুক্তসহ 191 জনক আটক কৰিছিল । 200 তকৈ অধিক আৰক্ষীয়ে 15 জনীয়া দল গঠন কৰি একে সময়তে মহানগৰীৰ 8 টা স্থানত অভিযান চলাই 164 টা ডেক্সটপ , 90 টা লেপটপ , 26 টা মোবাইল আৰু চাইবাৰ অপৰাধৰ লগত জড়িত আন সামগ্ৰী জব্দ কৰে । এই ঘটনা সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি ইতিমধ্যে আৰক্ষীয়ে তাৰ ভিতৰত 52 গৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: Illegal Call Centre in Guwahati: লুণ্ঠনত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াৰ লগত অপৰাধৰ লিংক পোৱা নাই জিপি সিঙে

ABOUT THE AUTHOR

...view details