অসম

assam

By

Published : Nov 19, 2019, 4:55 PM IST

ETV Bharat / state

প্ৰতিবাদত নামিল আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী

আই আই টি গুৱাহাটীত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ ৷ সঞ্চালকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নামিল আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী ।

প্ৰতিবাদত নামিল আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী

গুৱাহাটী,19 নৱেম্বৰ: সোমবাৰে আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীসকলে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ অধ্যাপক ড৹ বি. কে. ৰায়ক নিলম্বন কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আই আই টিৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী । দীৰ্ঘদিন ধৰি আই আই টি গুৱাহাটীত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে অধ্যাপক ড৹ ৰায়ে । শেহতীয়াভাৱে ইছৰোৰ মুৰব্বীক আই আই টি ত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে পত্ৰ লিখিছিল অধ্যাপক ৰায়ে । দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা বাবে নিলম্বন কৰাৰ অভিযোগত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ হাতত মমবাতি লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে । নিলম্বন উঠাই ল'বলৈ প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে আই আই টিৰ চৌহদ ।

প্ৰতিবাদত নামিল আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী

উল্লেখ্য যে ড৹ ৰায় আই আই টি গুৱাহাটীৰ ইলেকট্ৰনিক ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক ৷

আৰু পঢ়ক চৰাইপুঙত হাতীৰ আক্ৰমণত নিহত এজন

ABOUT THE AUTHOR

...view details