গুৱাহাটী, 19 জুলাই :চলিত মাহৰ আৰম্ভণিতে দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধানখড়ৰ আইআইটি গুৱাহাটী ভ্ৰমণৰ ফলস্বৰূপে, প্ৰতিষ্ঠানটোৱে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত ভাৰতৰ প্ৰধান আৰু পুৰণি থিংক টেংক ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ (আইচিডব্লিউএ) সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে । আই আই টি গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক পৰমেশ্বৰ কে আয়াৰ আৰু আই চি ডব্লিউ এৰ মহানিৰ্দেশক ৰাষ্ট্ৰদূত বিজয় ঠাকুৰ সিঙৰ মাজত বুধবাৰে আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু ভাৰতীয় বৈদেশিক নীতিৰ ওপৰত সজাগতা আৰু জ্ঞান সম্প্ৰসাৰণৰ লক্ষ্যৰ বাবে একেলগে কাম কৰাৰ উদ্দেশ্যৰে এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।
লক্ষ্যণীয় যে চুক্তিখন ৩ বছৰৰ বাবে বৈধ হ’ব । বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি আইআইটি গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক পৰমেশ্বৰ কে আয়াৰে কয়, "আজিৰ আন্তঃসংযোগযুক্ত পৃথিৱীত আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ক্ষেত্ৰত সহযোগিতামূলক হস্তক্ষেপ আৰু একাধিক ক্ষেত্ৰত সমন্বয়ৰ প্ৰচাৰ অতি জৰুৰী । আই চি ডব্লিউ এৰ সৈতে আইআইটি গুৱাহাটীৰ সহযোগিতা বিশ্বৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আৰু সুযোগৰ মোকাবিলা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব । এয়া এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ অংশীদাৰীৰ দৃষ্টিভংগী হিচাপ পৰিগণিত হ’ব" ।