গুৱাহাটী, ২৯ নৱেম্বৰ :সময় যিমানেই আগুৱাইছে সিমানেই নতুন নতুন ৰূপত ক'ভিডৰ ভয়াবহতাও বৃদ্ধি পাই আহিছে । সাধাৰণতে মানুহে ব্যৱহাৰ কৰি থকা মাস্কসমূহৰ ভিতৰত প্ৰকৃততে কিমান সংখ্যক মাস্ক ব্যৱহাৰৰ উপযোগী বা ক'ভিড প্ৰতিৰোধী তাকে লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে । N95 মাস্ক পৰিধান কৰিলেহে ক'ভিডৰ সংক্ৰমণৰ পৰা বাচিব পৰা যায় বুলি চিকিৎসা বিজ্ঞানীসকলে দাবী কৰি অহাৰ সময়তে গুৱাহাটী আই আই টিয়ে গৱেষণাৰ অন্তত উদ্ভাৱন কৰি উলিয়াইছে এই আৱৰণ (Covid Resistant Mask) ৷
আই আই টি গুৱাহাটীয়ে উদ্ভাবন কৰা এই আৱৰণ সাধাৰণ কাপোৰৰ মাস্ক(IIT Guwahati develops coating to modify ordinary cloth masks)ৰ সৈতে সংলগ্ন কৰিলে ক'ভিড প্ৰতিৰোধী হৈ পৰে । আই আই টি গুৱাহাটীৰ ৰাসায়ন বিভাগৰ অধ্যাপক অৰুণ চট্টোপাধ্যায় আৰু কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ড৹ পাৰ্থ এছ জি পট্টাদাৰৰ নেতৃত্বত চলা এক গৱেষণাৰ অন্তত ক'ভিড প্ৰতিৰোধী এই নতুন আৱৰণবিধ উদ্ভাৱন কৰা হৈছে ।