অসম

assam

By

Published : Feb 22, 2022, 9:41 PM IST

ETV Bharat / state

ৰাজ্যৰ ভৱিষ্যতৰ উন্নয়নৰ বাবে আইআইটি গুৱাহাটী আৰু অসম চৰকাৰৰ যৌথ কাৰ্যপন্থা

IIT গুৱাহাটী আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলে ৰাজ্যৰ ভৱিষ্যতৰ উন্নয়নৰ কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ মঙলবাৰে গুৱাহাটী আই আই টিত এক বিস্তৃত বৈঠকত মিলিত হয় (Meeting between IIT Guwahati and Assam government) । বৈঠকত খনি আৰু খনিজ, উদ্যোগ, বাণিজ্য, ৰাজহুৱা উদ্যোগ আৰু পৰিবহণৰ দৰে বিভিন্ন বিভাগৰ বিষয়াসকলক লৈ গঠিত চৰকাৰী প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে অসম চৰকাৰৰ মুখ্য সচিব ড৹ কে কে দ্বিবেদীয়ে ৷

Meeting between IIT Guwahati and Assam government
আইআইটি গুৱাহাটী আৰু অসম চৰকাৰৰ যৌথ কাৰ্যপন্থা

গুৱাহাটী, 22 ফেব্ৰুৱাৰী: ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলে ৰাজ্যৰ ভৱিষ্যতৰ উন্নয়নৰ কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ মঙলবাৰে গুৱাহাটী আই আই টিত এক বিস্তৃত বৈঠকত মিলিত হয় (Meeting between IIT Guwahati and Assam government)। বৈঠকত খনি আৰু খনিজ, উদ্যোগ, বাণিজ্য, ৰাজহুৱা উদ্যোগ আৰু পৰিবহণৰ দৰে বিভিন্ন বিভাগৰ বিষয়াসকলক লৈ গঠিত চৰকাৰী প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে অসম চৰকাৰৰ মুখ্য সচিব ড৹ কে কে দ্বিবেদীয়ে ৷

আইআইটি গুৱাহাটীৰ দলটোৰ নেতৃত্ব দিয়ে আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে । বৈঠকত আইআইটিত এখন খনি বিভাগ মুকলি কৰি যুৱ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াত সহায় কৰিব আৰু অসমৰ লগতে উত্তৰ-পূবত বিয়পি থকা প্ৰচুৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ বাবে গৱেষণা আৰু কাৰিকৰী নিৰ্দেশনাৰ ৰূপত অভিজ্ঞ পেছাদাৰীসকলক গৱেষণা কৰাত সহায় কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হয় ৷

ৰাজ্যৰ ভৱিষ্যতৰ উন্নয়নৰ বাবে আইআইটি গুৱাহাটী আৰু অসম চৰকাৰৰ যৌথ কাৰ্যপন্থা

বৈঠকত অসম চৰকাৰৰ পৰিবহন(Transport ministry Assam Government) মন্ত্ৰালয়ৰ লগত ৰাজ্যখনৰ পথ সুৰক্ষা বৃদ্ধিৰ প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ বিষয়তো আলোচনা কৰা হয় ৷ লগতে আইআইটি গুৱাহাটীয়ে ঔষধ, স্বাস্থ্যখণ্ডৰ দৰে বিভিন্ন ক্ষেত্ৰত চাহ উদ্যোগৰ ব্যৱহাৰৰ ওপৰৰ গৱেষণাত গতি প্ৰদান কৰিব । বিভিন্ন প্ৰকাৰৰ চাহ আৰু সেইবোৰৰ সমৃদ্ধ উপাদানৰ গুৰুত্ব কঢ়িয়াই অনাৰ প্ৰচেষ্টাক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব ৷ বৈঠকত আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে কয় যে, ৰাজ্য চৰকাৰৰ অনুৰোধ অনুসৰি আইআইটি গুৱাহাটীয়ে মুখ্যতঃ খনি আৰু খনিজ পদাৰ্থ, বাণিজ্য আৰু উদ্যোগ বিকাশ, বিভিন্ন খণ্ডত ড্ৰোনৰ অন্তৰ্ভুক্তি, পৰিবহন খণ্ড - আভ্যন্তৰীণ জল পৰিবহন, পথ সুৰক্ষা, বিভিন্ন কলা খণ্ডৰ দক্ষতা আৰু কলা খণ্ডৰ বিকাশৰ সৈতে সম্পৰ্কিত বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ।

অসম চৰকাৰৰ প্ৰধান সচিব ড৹ কে কে দ্বিবেদীয়ে আইআইটি গুৱাহাটীত খনি বিদ্যালয় স্থাপন কৰা আৰু আভ্যন্তৰীণ জলপথৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন, অসমৰ পৰম্পৰাগত গহনা নিৰ্মাণ, চাহ খণ্ডত উদ্ভাৱন, ষ্টাৰ্টআপলৈ আগবঢ়োৱা দক্ষতা প্ৰশিক্ষণ আৰু পথ সুৰক্ষা বৃদ্ধিৰ বাবে নতুন প্ৰযুক্তি গ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । তেওঁ কয় যে, ৰাজ্যৰ সামগ্ৰিক উন্নয়নমূলক কাম কৰাৰ বাবে অসম চৰকাৰে আইআইটি গুৱাহাটীৰ সহযোগিতা আৰু সমৰ্থন বিচাৰিছে (IIT Guwahati and Assam government collaboration)। আভ্যন্তৰীণ জল পৰিবহন (সামুদ্ৰিক ইঞ্জিন ডিজাইন, জাহাজৰ ডিজাইনিং আৰু ইয়াৰ মেৰামতি আৰু সেৱা কেন্দ্ৰ) চোৱাচিতা কৰাৰ বাবে একাধিক দিশত এক গৱেষণা আৰু বিকাশ কৰাৰ বাবে চৰকাৰৰ তৰফৰ আইআইটি গুৱাহাটীক প্ৰস্তাৱ দিয়া হয় ।

লগতে পঢ়ক:Ram Nath Kovind to Visit Kaziranga: ৰাষ্ট্ৰপতিৰ আগমনক লৈ যুদ্ধংদেহি প্ৰস্তুতি

ABOUT THE AUTHOR

...view details