গুৱাহাটী, ৭ অক্টোবৰ : কোনো শীৰ্ষ প্ৰশাসনিক বিষয়াই যেতিয়া কোনো ৰাজহুৱা অনুষ্ঠানত বা জনাকীৰ্ণ সভাকক্ষত একেটা ভুলকে এবাৰ নহয় দুবাৰকৈ কৰে তেতিয়া তাক কি বুলি কোৱা যাব ? অজ্ঞতা নে অজানিতে কৰা ভুল ? বৃহস্পতিবাৰে সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ জনাকীৰ্ণ অনুষ্ঠানত তেনে এক কাণ্ডই কৰিলে জেষ্ঠ আই এ এছ বিষয়া অৰ্চনা বাৰ্মাই ।
ড৹ কেশৱ মহন্ত আৰু ড৹ চন্দ্ৰমোহন পাটোৱাৰীক চিনি পায়নে ! দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মঞ্চত উপবিষ্ট আছিল চাৰিগৰাকীকৈ মন্ত্ৰী ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ, অতুল বৰা আৰু কেশৱ মহন্ত । উপস্থিত আছিল মুখ্য সচিব জিষ্ণু বৰুৱাও । ৰাজ্য চৰকাৰৰ এক নতুন ৱেব প'ৰ্টেল মুকলি কৰিবলৈ আহিছিল বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ । সেই অনুষ্ঠানৰ আদৰণি ভাষণ দিয়াৰ দায়িত্বত আছিল ৰাজ্য চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ বিভাগৰ প্ৰধান সচিব, জ্যেষ্ঠ আই এ এছ বিষয়া অৰ্চনা বাৰ্মা ।
কিন্তু দায়িত্বশীল এইগৰাকী আই এ এছ বিষয়াই মঞ্চত বহি থকা মন্ত্ৰী কেশৱ মহন্তক প্ৰথমে ড৹ কেশৱ মহন্ত বুলি সম্বোধন কৰিলে । উপস্থিত সকলে ইজনে সিজনৰ চকুলৈ চালে । সকলোৱে ভাবিলে অজানিতে ভুল হ'ল চাগে ! কিন্তু ইয়াৰ ঠিক পিছ মূহুৰ্ততে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো তেওঁ ড৹ চন্দ্ৰমোহন পাটোৱাৰী বুলি সম্বোধন কৰে । মঞ্চত বহি থকা মুখ্যমন্ত্ৰীৰ অৱস্থা তেতিয়া "ফাট মেলা বসুমতী পাতালে লুকাওঁ " যেন হ’ল ।
উল্লেখযোগ্য যে, চলিত সপ্তাহতে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে অসম ভ্ৰমণলৈ আহোতে এখন গুৰুত্বপূৰ্ণ সভাত বেনাৰৰ লগতে তেখেতক সম্বোধন কৰিছিল ড৹ এম ভেংকায়া নাইডু হিচাপে ৷ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেতিয়া এই ভুল শুধৰাই দি কৈছিল যে, মই ডক্টৰো নহয় এক্টৰো নহয় ৷ পুনৰ যেন একেই ভুলৰ পুনৰাবৃত্তি হ’ল বৃহস্পতিবাৰৰ এই সভাত ৷
লগতে পঢ়কঃ ৩,০৯৪ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব ফ'ৰলেন দলং