অসম

assam

কেবক সমৰ্থন কৰিলে বাংলাদেশীক সমৰ্থন কৰা বুজাবঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

By

Published : Oct 31, 2019, 11:31 PM IST

''ভোট বেংকৰ বাবেই এই কেব বিজেপিয়ে আনিব বিচাৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতাই কেবক উত্তৰ পূৱবাসীৰ বাবে দুৰ্বল কৰি তুলিছে। লগতে কয় যে উত্তৰ পূৱ অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। কেবক লৈ অতদিনে ৰাজ্যৰ বিশেষকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে যি প্ৰতিবাদ কৰি আহিছে তাক NESO এ আদৰণি জনাইছে। NESO এ কোনোপধ্যেই কেব সমৰ্থনকাৰীসকলক ৰেহাই নিদিয়ে। যিসকলে কেব সমৰ্থন কৰিব সেইসকলে বাংলাদেশীক সমৰ্থন কৰা বুজাব।''

সমুজ্জল কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, 31অক্টোবৰঃ কোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব নোৱাৰে, বৃহস্পতিবাৰে মহানগৰীত নৰ্থ ইষ্ট ষ্টুডেন্টচ অৰ্গেনাইজেচনৰ একজিকিউটিভ কাউন্সিলৰ এক সভাত এই ঘোষণা NESOৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ৷ কেবৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য আগবঢ়াই ভট্টাচাৰ্য্যই কয় যে, কেব অসংবিধানিক, সাম্প্ৰদায়িক, অসমচুক্তি বিৰোধী। NESOৱে সদায় কেবৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব। এই সংবাদমেলৰ পৰাই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে সকীয়াই দি কয় যে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ, সাম্প্ৰদায়িক, খিলঞ্জীয়াৰ ওপৰত জাপি নিদিব। কেবৰ বিৰুদ্ধে অহা 18 নৱেম্বৰত উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীৰ আশে-পাশে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব NESO এ। লগতে কেন্দ্ৰীয় চৰকাৰলৈ দাবী পত্ৰ প্ৰেৰণ কৰিব।

সংবাদমেলতে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে,

''ভোট বেংকৰ বাবেই এই কেব বিজেপিয়ে আনিব বিচাৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতাই কেবক উত্তৰ পূৱবাসীৰ বাবে দুৰ্বল কৰি তুলিছে। লগতে কয় যে উত্তৰ পূৱ অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। কেবক লৈ অতদিনে ৰাজ্যৰ বিশেষকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে যি প্ৰতিবাদ কৰি আহিছে তাক NESO এ আদৰণি জনাইছে। NESO এ কোনোপধ্যেই কেব সমৰ্থনকাৰীসকলক ৰেহাই নিদিয়ে। যিসকলে কেব সমৰ্থন কৰিব সেইসকলে বাংলাদেশীক সমৰ্থন কৰা বুজাব।''

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এনআৰচিৰ তদাৰক চলি আছে। এই তদাৰকক লৈ NESO মুঠেই সুখী নহয় বুলিও উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰে । অহা 26 নৱেম্বৰত এনআৰচিৰ শুনানি হ'ব। উচ্চতম ন্যায়ালয়ৰ ওচৰত NESO ৱে আশা ৰাখিছে যে এখন বাংলাদেশীমুক্ত অসম গঠন কৰিব। উত্তৰ পূৱৰ ভূমি সম্পদ আৰু বিশেষ সংবিধানৰ মৰ্যাদা লাগিব। এই মৰ্যাদা নোপোৱা পৰ্যন্তলৈ NESOৱে শান্তি নিদিয়ে।

সংবাদমেলত সমুজ্জল কুমাৰ ভট্টাচাৰ্য
ইফালে কেন্দ্ৰ চৰকাৰক NRL আৰু নিপকোক ব্যক্তিগতকৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি ভট্টাচাৰ্য্যই কয় যে কেন্দ্ৰৰ এই সিদ্ধান্তত NESOই মুঠেও সুখী নহয়। নিপকোৰ নীতিসমূহক তেওঁলোকে কেতিয়াও সমৰ্থন নকৰে বুলি কয়। ইয়াৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায়।এই সংবাদমেলত NESOৰ সভাপতি, সম্পাদককে আদি কৰি আন আন সদস্য সকল উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details