অসম

assam

বতৰে কি প্ৰভাৱ পেলাব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ?

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে কিছু তথ্য ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা 24 ঘণ্টাত অসমকে ধৰি অৰুণাচল প্ৰদেশত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

By

Published : Mar 26, 2021, 7:13 PM IST

Published : Mar 26, 2021, 7:13 PM IST

শনিবাৰে অসমৰ বতৰ কেনে থাকিব ?
শনিবাৰে অসমৰ বতৰ কেনে থাকিব ?

নিউজ ডেস্ক, 26 মাৰ্চ :শনিবাৰে অসম বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ মাজেৰে সাজু হৈছে 12 খন জিলাৰ 47 টা সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহ ৷ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে কিছু তথ্য ৷

শনিবাৰে অসমৰ বতৰ কেনে থাকিব ?

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা 24 ঘণ্টাত অসমকে ধৰি অৰুণাচল প্ৰদেশত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আজিৰে পৰা আগন্তুক ৫ দিনলৈ অসমৰ কিছু কিছু ঠাই বিশেষে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱণা আছে ।

ইয়াৰ লগতে আগন্তুক দুদিনলৈ নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ফৰকাল হৈ থাকিব বতৰ । এই তথ্য সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অৱশ্যে এই বতৰক লৈ চিন্তাৰ কাৰণ নাই বুলি সদৰি কৰিছে বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী সঞ্জয় অ'নিল শ্বাহে ৷

লগতে পঢ়ক :ইভিএম লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ল নিৰ্বাচনী বিষয়া

ABOUT THE AUTHOR

...view details