ৰঙিয়া, 14 জুলাই:বৰ্তমান চৰ্চাৰ তুংগত উঠা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM on Barshashree Burhagohain)। বৰ্ষাশ্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিবলৈ আগবঢ়া বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে যদিহে যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰা নহ’লহেতেন, তেতিয়া হ’লে যুৱতী গৰাকীয়ে আলফাত যোগদান কৰিলেহেতেন । আলফাত যোগদানৰ পৰা হ’ব পৰা সাম্ভাৱ্য বিপদৰ পৰা যুৱতীগৰাকীৰ লগতে ৰাইজক সুৰক্ষিত ৰখাৰ উদ্দেশ্যেহে জেলত ৰখা হৈছে তেওঁক (Barshashree in Jail)।
যদিহে যুৱতীগৰাকীৰ লগতে তেওঁৰ পিতৃ-মাতৃয়ে দায়িত্ব গ্ৰহণ কৰে যে জেলৰ পৰা ওলাই যুৱতীগৰাকীয়ে আলফাত যোগদান নকৰে; তেতিয়াহলে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক তৎকালে মুক্তি দিয়া হ’ব । ইতিমধ্যে যুৱতীগৰাকীৰ লগত নিতৌ কথা পাতি যুৱতী গৰাকীৰ আলফাত যোগদান কৰিব খোজা সিদ্ধান্ত সলনি কৰাৰ বাবে চেষ্টা কৰি থকা বুলি দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :Barshashree in Jail: এটা বিতৰ্কিত পোষ্টৰ বাবে কাৰাগাৰত বৰ্ষাশ্ৰী
তেওঁ লগতে কয় যে যুৱতীগৰাকীক জেলৰ পৰাই বিভিন্ন পৰীক্ষাৰ লগতে চাকৰিৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ বাবে সুবিধা প্ৰদান কৰা হৈছে ৷
উল্লেখ্য যে টীয়ক কাৱৈমাৰীৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ স্নাতক মহলাৰ ছাত্ৰীগৰাকীয়ে নিজৰ ফেচবুকত আপলোড কৰিছিল এটা পোষ্ট (Barshashree Burhagohain facebook post) ৷ য’ত তেওঁ লিখিলছিল ‘‘বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া হয়, তেনেহ’লে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম’’ ৷ যোৱা 8 এপ্ৰিলত কৰা সেই পোষ্টটোৰ পাচতেই আৰক্ষীয়ে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰি বিগত দুমাহে বন্দী কৰি ৰাখিছে (Barshashree Burhagohain in jail) ৷ বৰ্ষাশ্ৰী হৈছে যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ স্নাতক দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰী ৷