অসম

assam

ETV Bharat / state

ফুটুকাৰ ফেনত পৰিণত IDOLৰ পাঠ্যক্ৰম কেলেংকাৰীৰ তদন্ত - গুৱাহাটী বিশ্ববিদ্যালয়

প্ৰাক্তন মুখ্য ন্যায়াধীশ আফটাব হুছেইন শইকীয়া আয়োগে ইতিমধ্যেই তদন্তৰ প্ৰতিবেদন বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখী আৰু উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ হাতত অৰ্পণ কৰিছে। প্ৰতিবেদন খুলি চাবলৈয়ে সময় পোৱা নাই আচাৰ্য আৰু উপাচাৰ্যই।

idol scam reactions student union
ফুটুকাৰ ফেনত পৰিণত IDOLৰ পাঠ্যক্ৰম কেলেংকাৰীৰ তদন্ত

By

Published : Oct 16, 2020, 9:06 PM IST

গুৱাহাটী,16 অক্টোবৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইডলৰ কেলেংকাৰীৰ প্ৰসংগ। এই বৃহৎ কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা হৈছিল দুখনকৈ কমিটী। ৭জনীয়া অধ্যাপকৰে এখন কমিটী আৰু জম্মু কাশ্মীৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আফটাব হুছেইন শইকীয়াৰ নেতৃত্বত এখন আয়োগ গঠন কৰা হৈছে। কমিটীৰ তদন্তৰ ভিত্তিত কেলেংকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা সংবাদমেল যোগে জনাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। কিন্তু দিনৰ পিছত দিন বাগৰিল। বৰ্তমান সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল। প্ৰাক্তন মুখ্য ন্যায়াধীশ আফটাব হুছেইন শইকীয়া আয়োগে ইতিমধ্যেই তদন্তৰ প্ৰতিবেদন বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখী আৰু উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ হাতত অৰ্পণ কৰিছে।

ফুটুকাৰ ফেনত পৰিণত IDOLৰ পাঠ্যক্ৰম কেলেংকাৰীৰ তদন্ত

কেলেংকাৰীৰে জড়িত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটো বাদেই প্ৰতিবেদন খুলি চাবলৈয়ে সময় পোৱা নাই আচাৰ্য আৰু উপাচাৰ্যই। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ডত ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই। প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক কাশ্যপ নন্দন কলিতা আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে। লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত দাবী জনাই তেওঁলোকে। উল্লেখযোগ্য যে দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ২১টাকৈ পাঠ্যক্ৰম অনুমোদনবিহীন ভাৱে চলাই ৰাখিছিল কৰ্তৃপক্ষই। এই কাণ্ডৰ লগত নাম সাঙোৰ খাইছিল আইডলৰ দুই প্ৰাক্তন সঞ্চালক ক্ৰমে কন্দৰ্প দাস আৰু অধ্যাপক অশোক কুমাৰ বৰাৰ লগতে আইডলৰ সঞ্চালক ড০ অমৃত চৌধুৰী আৰু সেইসময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকাৰ।

লগতে পঢ়কঃ অৰুণোদয় আঁচনিৰ অনিয়মৰ তদন্ত বিচাৰি নলবাৰীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details