অসম

assam

ETV Bharat / state

'আইডল' কেলেংকাৰীৰ মুখ্য অভিযুক্ত ড৹ কন্দৰ্প দাসক অপসাৰণ - আইডল

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণ ড৹ কন্দৰ্প দাসক । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ বৈঠকত ড৹ কন্দৰ্প দাসক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

kandarpa das
আইডল কেলেংকাৰী

By

Published : Oct 5, 2021, 8:14 PM IST

গুৱাহাটী, ৫ অক্টোবৰ : ৰাজ্যৰ শিক্ষা জগতখনক কঁপাই যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইডল কেলেংকাৰীৰ অন্যতম অভিযুক্ত ড৹ কন্দৰ্প দাসক অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে অপসাৰণ কৰিলে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁক অপসাৰিত কৰা হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ মঙলবাৰে অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ বৈঠকত কন্দৰ্প দাসক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

'আইডল' কেলেংকাৰীৰ মুখ্য অভিযুক্ত ড৹ কন্দৰ্প দাসক অপসাৰণ

উল্লেখ্য যে ন্যায়াধীশ আফটাব হুছেইন শইকীয়া আয়োগ আৰু আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্যক লৈ গঠন কৰা তদন্ত কমিটীয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত ২০ ছেপ্তেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত দুখনকৈ আয়ােগ তথা তদন্ত কমিটীয়ে ড৹ কন্দৰ্প দাসক দোষী সাব্যস্ত কৰা সন্দৰ্ভত কৈফয়ত বিচাৰি দহ দিনৰ ভিতৰত তাৰ উত্তৰ দিবলৈ তেওঁলৈ জাননী জাৰি কৰা হৈছিল ।

৩০ ছেপ্তেম্বৰত সেই দহ দিনৰ সময়সীমা উকলি যায় । কিন্তু সময়সীমা পাৰ হোৱাৰ পাছতো ড৹ কন্দৰ্প দাসে জাননীৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল । এনে পৰিস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ মঙলবাৰে অনুষ্ঠিত বৈঠকত তেওঁক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

২০১০ ৰ পৰা ২০১৭ চনলৈকে ২১ টা বিষয়ত অনুমোদন নোহোৱা পাঠ্যক্ৰম আইডলে প্ৰদান কৰা বুলি 'কেগ'ৰ প্ৰতিবেদনত উন্মোচিত হৈছিল আৰু ইয়াৰ পাছত তদন্ত হৈছিল । তদন্তত তেওঁ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য হিচাপে প্ৰমাণিত হোৱাৰ পিছত সেই সময়ৰ আইডলৰ সঞ্চালক কন্দৰ্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা নিলম্বন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । চলিত বৰ্ষৰ ১৩ আগষ্ট ড৹ কন্দৰ্প দাসক নিলম্বন কৰা হৈছিল । তেওঁৰ বিৰুদ্ধে ৪০ কোটি টকাৰ বিত্তীয় অনিয়মৰ অভিযোগো উত্থাপিত হৈছিল ।
লগতে পঢ়ক :ঘোষণা কৰা হ’ল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

ABOUT THE AUTHOR

...view details