গুৱাহাটী, 13 মাৰ্চঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ দূৰ আৰু মুক্ত প্ৰতিষ্ঠান চমুকৈ আইডলত সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰী । এই কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা হৈছিল দুখনকৈ কমিটি । কিন্তু আজি পৰ্যন্ত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱাত পুণৰ সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা ।
ইতিমধ্যেই সকলোৱে জ্ঞাত যে, মুঠ ২১টাকৈ পাঠ্যক্ৰম অনুমোদনবিহীন ভাৱে চলাই নিয়াৰ তথ্য ফাদিল হৈছে কেগৰ প্ৰতিবেদনত । তাৰোপৰি অধ্যাপক নিযুক্তি, পাঠ্যপুথি আদিতো ব্যাপক অনিয়ম চলাৰ অভিযোগ আছে আইডলৰ বিৰুদ্ধে । যাৰ তদন্তৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৭জনীয়া অধ্যাপকৰে গঠিত এখন কমিটি আৰু অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আফটাৱ হুছেইন শইকীয়াৰ নেতৃত্বত আয়োগ গঠন কৰি দিছিল । ইয়াৰে সাতজনীয়া কমিটিয়ে এমাহৰ ভিতৰতে তদন্ত কৰি প্ৰতিবেদন ৰাজহুৱা কৰাৰ কথা আছিল । কিন্তু আজি পৰ্যন্ত ৰাজহুৱা নহ'ল প্ৰতিবেদন । যাৰ বাবে প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰী এতিয়াও শংকিত হৈ আছে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে ৰহস্যজনক স্থিতিৰ বাবে জাঙুৰ খাই উঠিছে গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট । শীঘ্ৰে ৭ জনীয়া কমিটিৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে প্ৰতিবাদত নমাৰ হুংকাৰ আছুৰ। তাৰোপৰি শিক্ষাৰ্থীৰ জীৱনলৈ হেতালি নেখেলিবলৈও সকিয়নী প্ৰদান কৰে আছুৱে।