গুৱাহাটী, ১৩ জুলাই: তৃণমূল কংগ্ৰেছ ত্যাগ নকৰে ৰিপুন বৰাই ৷ সংবাদমেলযোগে এই কথা স্পষ্ট কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ বৃহস্পতিবাৰে জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত ৰিপুন বৰাই এই সংবাদমেল সম্বোধন কৰে ৷
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এক ভাষ্যৰ আঁতধৰি সম্বোধন এই সংবাদমেলৰ ৷ ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুন বৰাই পশ্চিম বংগৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ নোপোৱাৰ পিচত ভূপেন বৰাই উত্থাপন কৰা অভিযোগ সংবাদমেলযোগে খণ্ডন কৰে ৰিপুন বৰাই ৷ এইক্ষেত্ৰত ৰিপুন বৰা কংগ্ৰেছলৈ পুনৰ ওভতি যাব বুলি ভূপেন বৰাই দাবী কৰা অভিযোগো নস্যাৎ কৰে ৰিপুন বৰাই ৷
সংবাদমেলত ৰিপুন বৰাই কয় যে ভূপেন বৰাই কৰা এনে ভাষ্য ভিত্তিহীন ৷ ভূপেন বৰাৰ ভাষ্য সম্পূৰ্ণ মনে সজা ৷ তেওঁ লগতে কয়, ‘‘মোৰ অনুপস্থিতি এতিয়া কংগ্ৰেছে উপলব্ধি কৰিছে, সেয়েহে মোৰ ভাল লাগিছে । ৰাজনৈতিক আদৰ্শ সৰোগত কৰিহে মই তৃণমূল কংগ্ৰেছত যোগদান কৰিছো ৷ পাঁচ বছৰ সভাপতি পদত অধিষ্ঠিত হৈ কংগ্ৰেছৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিলো । তৃণমূল কংগ্ৰেছত মই যোগদান কৰাৰ ডেৰ বছৰ পিচতে এক বিশেষ গতি লাভ কৰিছে দলটোৱে ৷’’