গুৱাহাটী, ২২ অক্টোবৰ: গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ পাকঘৰত । আৰক্ষীয়ে এটা কোঠাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰিলে মহিলাগৰকীৰ মৃতদেহ । মৃত মহিলাগৰাকীৰ নাম আন্তিমা গুপ্তা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোঁজ হোৱা বুলি গড়চুক আৰক্ষীক অৱগত কৰিছিল । স্বামী সন্তোষ গুপ্তাই পত্নীক পৰিকল্পিতভাৱে হত্যা কৰি নাটকীয় ৰূপ দিয়াৰ প্ৰচেষ্টা কৰিছিল । সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰাখিছিল সন্তোষ গুপ্তাৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনীঘৰত ।
কিন্তু বৃহস্পতিবাৰে নিশা দেৱযানী দাসে তেওঁৰ স্বামীৰ সৈতে গড়চুক আৰক্ষী থানাত হাজিৰ হৈ তেওঁলোকৰ ৰান্ধনীঘৰত সন্তোষ গুপ্তাই তেওঁৰ পত্নীৰ মৃতদেহটো লুকুৱাই ৰখাৰ কথা জনায় । সন্তোষ গুপ্তাই হত্যাকাণ্ডৰ ঘটনাটো লুকুৱাই ৰাখিবলৈ দেৱযানী দাসক নিৰ্দেশ দিছিল যদিও অৱশেষত তেওঁলোক আৰক্ষীৰ কাষ চাপে ।