গুৱাহাটী, 30 মাৰ্চ:"প্ৰেমত ঘূৰিছে ভূ-মণ্ডল, প্ৰেমত ফুলিছে শতদল"- কোনো কবিয়ে অতীতত ঠিকেই কৈছিল ৷ প্ৰেমৰ বাবে মানুহে নকৰে কি, কোনোৱে যদি আকাশৰ তৰা ছিঙি অনাৰ সপোন দেখুৱাই, কোনোৱে আকৌ বিৰহ বেদনাত জৰ্জৰিত হৈ ভৰা দিচাঙত জাপ দিবলৈ ওলায় ৷ পিছে, বাস্তৱত প্ৰেম হেনো দিল্লীৰ লাড়ু, খোৱাজনেও পস্তাই, নোখোৱাজনেও পস্তাই ৷ এয়া অকল আমি কোৱা নাই, ৰাইজে কোৱা কথা ৷
আজিকালিৰ প্ৰেম সফল কৰাত কিন্তু ম’বাইল ফোনৰ অৰিহণাও কম নহয় ৷ এটা ফোনতেই হৈ যাব পাৰে সকলো সলনি ৷ কাৰোবাক যদি ম’বাইল ফোনে সংসাৰ পাতি দিছে, তেন্তে আকৌ কাৰোবাৰ সংসাৰত জুই দিছে এই ম’বাইলটোৱে ৷ মুঠতে কি যে মহিমা এই ম’বাইলটোৰ ৷ পিছে ম’বাইলটো নহ’লেনো চলিব কেনেকৈ !
এনেকৈয়ে এদিন ম’বাইল ফোনৰ জৰিয়তে চা-চিনাকী হৈছিল গংগা আৰু সৰ্বেশৰ ৷ এদিন-দুদিনকৈ কথা পতাৰ পিছত স্থাপন হৈছিল বন্ধুত্ব ৷ সেই বন্ধুত্বই কেতিয়ানো প্ৰেমৰ ৰূপ ল’লে দুয়োগৰাকীয়ে গমেই নাপালে ৷
প্ৰেমৰ সম্পৰ্কক স্থায়ী ৰূপ দিবলৈকে এদিন বিবাহপাশত আৱদ্ধ হ’ল মহানগৰীৰ চূণচালিৰ গংগা দেৱী আৰু বোন্দা চপাইদাং অঞ্চলৰ সৰ্বেশ শৰ্মা নামৰ লোকজন ৷ এদিন-দুদিনকৈ চন্দ্ৰকলা বৃদ্ধিৰ দৰে সময়বোৰো হাঁহি-ধেমালিৰ মাজেৰে উকলিল গংগা-সৰ্বেশৰ ৷ তাৰমাজতে দুয়োৰে কোলা শুৱনি কৰি যুগ্মজীৱনৰ সাক্ষী হ’লহি এটি কন্যা শিশু ৷ দুয়োৰে যুগ্মজীৱনে পাৰ কৰিলে পাঁচটাকৈ সফল বছৰ ৷