অসম

assam

ETV Bharat / state

ব্যতিক্ৰমী প্ৰচেষ্টা: এশ বৰেণ্য ব্যক্তিৰ এশখন জীৱনীমূলক গ্ৰন্থ উন্মোচন - এশ বৰেণ্য ব্যক্তিৰ এশখন জীৱনীমূলক গ্ৰন্থ উন্মোচন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১০০ খন জীৱনীমূলক গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ উন্মোচনী ভাষণত আৰক্ষী বিষয়াগৰাকীয়ে ১০০ গৰাকী বৰেণ্যক আমাৰ মাজত চিনাকি কৰি দিয়াৰ বাবে 'গতি অসম'এ লোৱা এই প্ৰচেষ্টাক ভূয়সী প্ৰসংশা কৰে (Biography of hundred legendary persons released)৷

Gati Assam
এশ বৰেণ্য ব্যক্তিৰ এশখন জীৱনীমূলক গ্ৰন্থ উন্মোচন

By

Published : May 16, 2022, 1:08 PM IST

গুৱাহাটী, ১৬ মে': কেবল অসমতে নহয় ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে একেলগে উন্মোচন কৰা হয় এশগৰাকী বৰেণ্য ব্যক্তিৰ এশখন জীৱনীমূলক গ্ৰন্থ (Biography of hundred legendary persons released)। সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'গতি অসম' (Gati Assam)ৰ উদ্যোগত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১০০ খন জীৱনীমূলক গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta) ।

উন্মোচনী ভাষণত আৰক্ষী বিষয়াগৰাকীয়ে 'গতি অসম'ৰ এই প্ৰচেষ্টাই ১০০ গৰাকী বৰেণ্যক আমাৰ মাজত চিনাকি কৰি দিয়াৰ এই প্ৰয়াসক ভূয়সী প্ৰসংশা কৰে ৷ তেওঁ কয় যে একেলগে ১০০ খন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাটো ইমান সহজ কথা নহয়, 'গতি অসম' ইয়াৰ বাবে সদায় সাধুবাদৰ পাত্ৰ হৈ থাকিব । সেয়ে গ্ৰন্থ অধ্যয়নৰ প্ৰতি অধিক গুৰুত্ব দিবলৈও আজিৰ নৱপ্ৰজন্মক তেওঁ আহ্বান জনায় । তেওঁ লগতে কয় যে কিতাপ পঢ়াৰ অভ্যাসে মানুহৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰতো সহায় কৰে ।

এশ বৰেণ্য ব্যক্তিৰ এশখন জীৱনীমূলক গ্ৰন্থ উন্মোচন

গ্ৰন্থ অধ্যয়নৰ অভ্যাসে এজন ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ পৰিকাঠামো গঢ়ি তোলে । সেয়েহে সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লগে বুলি মন্তব্য কৰি তেওঁ সৰুৰে পৰাই সন্তানক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে অভিভাৱকসকলক আহ্বান জনায় ।

ইফালে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড৹ হিতেশ ডেকাই কয় যে যিটো কাম বিশ্ববিদ্যালয়ে কৰিব লাগিছিল সেই কামটো 'গতি অসম'ৰ হৈ অনুভৱ পৰাশৰে অতি দক্ষতাৰে কৰিছে । এনে প্ৰচেষ্টা জাতিটোৰ বাবে যোগাত্মক দিশ বুলিও তেওঁ উল্লেখ কৰে ।

আনহাতে এই অনুষ্ঠানতে ১০০ খন গ্ৰন্থৰ একত্ৰ সংকলন ‘১০০ অসম বৰেণ্য' শীর্ষক গ্ৰন্থখনিও আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ ড৹ অমৰজ্যোতি চৌধুৰীয়ে 'গতি অসম'এ গ্ৰন্থ আন্দোলনৰ ক্ষেত্ৰখনত বিৰল অৱদান আগবঢ়াই এক নতুন যুগৰ সূচনা কৰিব বুলিও আশা প্ৰকাশ কৰে ।

বিশিষ্ট শিল্পী হেম হাজৰিকাৰ পৰিচালনাত চেতাৰ বাদনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত 'গতি অসম'ৰ সম্পাদক তথা এই প্ৰকল্পৰ মুখ্য ব্যক্তি অনুভৱ পৰাশৰে আদৰণি ভাষণ আগবঢ়ায় ।

সভাপতি থানেশ্বৰ মালাকাৰে সকলোকে সম্ভাষণ জনায় ৷ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লেখক-লেখিকাৰ হৈ 'গতি অসম'ৰ সভাপতি থানেশ্বৰ মালাকাৰ আৰু সম্পাদক অনুভৱ পৰাশৰক সম্বর্ধনা জনোৱা হয় । প্ৰণামী গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত 'গতি অসম'ৰ উপদেষ্টা অভিনেতা দেবজিৎ হাজৰিকা, অভিনেত্ৰী পূৰ্ণিমা শইকীয়া, চিত্ৰশিল্পী অতুল বৰুৱা, নুৰুদ্দিন আহমেদ আদি উপস্থিত থাকে ।

লগতে পঢ়ক: আজি বুদ্ধ পূৰ্ণিমা : এছিয়াৰ ভিতৰতে প্ৰসিদ্ধ অৰুণাচলৰ টাৱাং বৌদ্ধ মঠৰ এক চমু অৱলোক

ABOUT THE AUTHOR

...view details