অসম

assam

ETV Bharat / state

জালুকবাৰী আৰক্ষীয়ে আটক কৰে মানৱ সৰবৰাহকাৰী

ধুবৰীৰ বগৰিবাৰীৰ পৰা গ্ৰেপ্তাৰ তালুকদাৰ আলী আৰু কুদ্দুছ আলী নামৰ দুই সৰবৰাহকাৰী । জালুকবাৰীত ভাড়াতীয়া হিচাপে বাস কৰা এটা পৰিয়ালৰ মাতৃ, কন্যাসহ তিনিজনক এই দুই সৰবৰাহকাৰীয়ে বিক্ৰী কৰিছিল বহিঃৰাজ্যত ।

By

Published : Sep 24, 2019, 7:20 PM IST

ধুবৰীৰ বগৰিবাৰীৰ পৰা গ্ৰেপ্তাৰ তালুকদাৰ আলী আৰু কুদ্দুছ আলী নামৰ দুই সৰবৰাহকাৰী

জালুকবাৰী, 24 ছেপ্টেম্বৰঃ জালুকবাৰী আৰক্ষীৰ জালত দুই মানৱ সৰবৰাহকাৰী । ধুবৰীৰ বগৰিবাৰীৰ পৰা গ্ৰেপ্তাৰ তালুকদাৰ আলী আৰু কুদ্দুছ আলী নামৰ দুই সৰবৰাহকাৰী । জালুকবাৰীত ভাড়াতীয়া হিচাপে বাস কৰা এটা পৰিয়ালৰ মাতৃ, কন্যাসহ তিনিজনক এই দুই সৰবৰাহকাৰীয়ে বিক্ৰী কৰিছিল বহিঃৰাজ্যত । প্ৰথমে কাম দিয়াৰ প্ৰলোভনেৰে লৈ গৈছিল হাৰিয়ানালৈ আৰু তাৰ পৰায়ে দুষ্টচক্ৰৰ হাতত বিক্ৰী কৰিছিল তিনিগৰাকীকৈ লোকক । বিক্ৰীৰ কেইমাহমান পিছতেই হাৰিয়ানাৰ পৰা পলাই আহিছিল মাতৃ সহ কন্যা । পলাই আহি ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছিল জালুকবাৰী আৰক্ষী চকীত ।

ধুবৰীৰ বগৰিবাৰীৰ পৰা গ্ৰেপ্তাৰ তালুকদাৰ আলী আৰু কুদ্দুছ আলী নামৰ দুই সৰবৰাহকাৰী
উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ধুবুৰীৰ বগৰিবাৰীত অভিযান চলাই আটক কৰে তালুকদাৰ আলী, কুদ্দুছ আলীক । ইফালে নিৰুদ্দিষ্ট এটি শিশু এতিয়াই সৰবৰাহকাৰীৰ কৱলত আছে বুলি জানিব পৰা গৈছে ৷ আনহাতে এই ঘটনাত আৰু বহু লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ । ইতিমধ্যেই আটকাধীন দুই সৰবৰাহকাৰীৰ ভাষ্য গ্ৰহণ কৰি এই গেংটো উৎখাত কৰিবলৈ নামি পৰিছে মহানগৰ আৰক্ষী ।উল্লেখযোগ্য যে, বহু সময়ত দেখা যায় যে দুখীয়া পৰিয়ালৰ মহিলা আৰু ল’ৰা-ছোৱালীক বহিঃৰাজ্যত কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি লৈ যায় আৰু পিছত মানৱ সৰবৰাহকাৰীক বিক্ৰী কৰি দিয়া পৰিলক্ষিত হৈ আহিছে ৷

ABOUT THE AUTHOR

...view details