অসম

assam

অৰুণাচল চৰকাৰ-পেট্ৰ'লিয়াম মন্ত্ৰণালয়লৈ মানৱ অধিকাৰ আয়োগৰ জাননী

By

Published : Feb 4, 2022, 9:46 PM IST

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়লৈ জাৰি কৰিছে এক জাননী (Notice to Arunachal Government and Petroleum Ministry)৷ উচ্ছেদ সম্পৰ্কীয় এক গোচৰৰ ভিত্তিত ছয় সপ্তাহৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে দিলে এই জাননী ৷

National Human Rights Commission of India
মানৱ অধিকাৰ আয়োগৰ জাননী

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: উচ্ছেদ সম্পৰ্কীয় এক গোচৰৰ ভিত্তিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়(ONGC)ক আগন্তুক ছয় সপ্তাহৰ ভিতৰত নিজৰ স্থিতি পৰিষ্কাৰ কৰিবলৈ জাননী জাৰি কৰিছে (Notice to Arunachal Government and Petroleum Ministry) ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মুডোকা নালা আৰু চামপয়-২ গাঁৱত বসবাস কৰা ভালেসংখ্যক চাকমা আৰু দেউৰী লোকক সেই ঠাইত খনন চলোৱাৰ নামত অইল ইণ্ডিয়া লিমিটেডে উচ্ছেদ কৰিছিল । কোনোধৰণৰ উপযুক্ত ক্ষতিপূৰণ নিদিয়াকৈয়ে এই লোকসকলক সেই ঠাইৰ পৰা উচ্ছেদ কৰা হৈছিল বুলিও অভিযোগ উঠিছিল ।

পৰৱৰ্তী পৰ্যায়ত চাকমা ডেভেলপ ফাউণ্ডেছন অৱ ইণ্ডিয়া (Chakma Development Foundation of India) নামৰ সংস্থাটোৱে এই প্ৰসংগত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত এটা গোচৰ তৰিছিল । সেই গোচৰৰ ভিত্তিতেই আয়োগে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়লৈ এই জাননী জাৰি কৰিছে ।

লগতে পঢ়ক:APSC cash for job scam: কাৰ্যকাল বাঢ়িল ন্যায়াধীশ শৰ্মা আয়োগৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details