অসম

assam

ETV Bharat / state

Crackdown on Child Marriage : মানৱাধিকাৰ কৰ্মীৰ দৃষ্টিভংগীত চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযান

বিশিষ্ট মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াৰ আছুতীয়া সাক্ষাৎকাৰ । কিবা এটা কাম কৰিবলৈ যোৱাৰ আগতে হোম ৱৰ্ক কৰিব লাগিব । ৰাজ্য চৰকাৰে হোম ৱৰ্ক নকৰাকৈ চমক সৃষ্টিৰ বাবে আৰম্ভ কৰা এই অভিযানে সমাজত বিৰূপ প্ৰভাৱ পেলাব । ইমানদিনে এই আইনখন (Child Marriage Restraint Act) কাৰ্যকৰী নকৰা চৰকাৰখনে হঠাতে অভিযান চলাই ৰাজ্যত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । আজিৰ এই পৰিৱেশ-পৰিস্থিতিৰ বাবে চৰকাৰ আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহ সম্পূৰ্ণৰূপে জগৰীয়া ।

Crackdown on Child Marriage
মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়া

By

Published : Feb 11, 2023, 7:03 PM IST

মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী, ১১ ফেব্ৰুৱাৰীঃ ৰাজ্যজুৰি হঠাতে আৰম্ভ হোৱা বাল্য বিবাহ বিৰোধী অভিযানক (Crackdown on child marriage) কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া-বিতৰ্ক অব্যাহত থকাৰ লগতে মানৱাধিকাৰ ভংগৰো অভিযোগ উত্থাপন হৈছে । বিগত প্ৰায় ৯ দিনত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চাৰি সহস্ৰাধিক গোচৰ ৰুজু হোৱাৰ লগতে আঢ়ৈ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে । বাল্য বিবাহ আইন মতে দণ্ডনীয় আৰু এইক্ষেত্ৰত কঠোৰ আইন আছে ।

কিন্তু বছৰৰ পাচত বছৰ ধৰি এই আইন কাৰ্যকৰী নকৰাৰ ফলত ৰোধ হোৱা নাই বাল্য বিবাহ । বিপৰীতে হঠাতে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে অভিযান চলোৱাৰ ফলত ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু পৰিয়াল দিশাহাৰা হৈ পৰিছে । আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত হৈছে । তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ প্ৰেক্ষাপটক লৈ মানৱাধিকাৰ ভংগৰো অভিযোগ উত্থাপন হৈছে ।

এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা বিশিষ্ট মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াৰ আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । বিগত কেইবাদশক ধৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ লগতে বাল্য বিবাহৰ বিৰুদ্ধে কাম কৰি অহা ড৹ শইকীয়াই (Human Rights Activist Dibyajyoti Saikia) সাক্ষাৎকালত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

তেওঁ কয় যে কিবা এটা কাম কৰিবলৈ যোৱাৰ আগতে হোম ৱৰ্ক কৰিব লাগিব । ৰাজ্য চৰকাৰে হোম ৱৰ্ক নকৰাকৈ চমক সৃষ্টিৰ বাবে আৰম্ভ কৰা এই অভিযানে সমাজত বিৰূপ প্ৰভাৱ পেলাব । তেওঁ কয় যে ভাৰতবৰ্ষত ১৮৭২ চন মানৰে পৰা বাল্য বিবাহক সামাজিক আৰু নীতিগতভাৱে বিৰোধ কৰা হৈছিল । তাৰ পৰৱৰ্তী পৰ্যায়ত ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত ইমপেৰিয়াল লেজিছলেটিভ কাউন্সিল অব্ ইণ্ডিয়াই পুৰুষৰ ১৮ বছৰ আৰু মহিলাৰ ১৪ বছৰ বয়স বিবাহৰ উপযোগী বুলি নীতি নিৰ্ধাৰণ কৰিছিল ।

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ১৯৭৮ চনত উক্ত আইনখনক সংশোধন কৰি মহিলাৰ ১৮ বছৰ আৰু পুৰুষৰ ২১ বছৰ বিবাহৰ উপযুক্ত বয়স হিচাবে স্বীকৃতি প্ৰদান কৰা হয় ৷ ১৮৭২ চনৰ ভাৰতীয় খ্ৰীষ্টিয়ান মেৰিজ এক্ট, ১৯২৯ৰ সাৰদা এক্ট, পুনৰ ১৯৭৮ চনৰ সংশোধন এক্ট তাৰ পৰবৰ্তী পৰ্যায়ত আহি আহি ২০০৬ চনত সংশোধন কৰি ২০০৭ চনৰ ১ নৱেম্বৰৰ পৰা পুনৰ নতুকৈ বাল্য বিবাহ বিৰোধী আইন প্ৰযোজ্য কৰা হয় ।

ইমানদিনে এই আইনখন কাৰ্যকৰী নকৰা চৰকাৰখনে হঠাতে অভিযান চলাই ৰাজ্যত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । আনহাতে অসম চৰকাৰে আইনখন কাৰ্যকৰী কৰাৰ বাবে ৰুলফ্ৰেমো কৰা নাই । যাৰ বাবে সহজতে সকলোৱে জামিনত মুক্তি পাবলৈয়ো সক্ষম হৈছে । চৰকাৰৰ এই অভিযান কেৱল চমক সৃষ্টিৰ বাবে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে ২০০৬ বৰ্ষৰ পৰা অতি কঠোৰভাবে বাল্য বিবাহৰ বিৰুদ্ধে আইন (Child Marriage Restraint Act) থকাৰ পিচতো চৰকাৰে সাধাৰণ মানুহক উচিত শিক্ষা প্ৰদান কৰি তথা সজাগ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ উদ্যোগ গ্ৰহণ কৰা নাই । বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী বিগত সময়চোৱাত স্বাস্থ্য আৰু শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল । আজিৰ এই পৰিৱেশ-পৰিস্থিতিৰ বাবে চৰকাৰ আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহ সম্পৰ্ণৰূপে জগৰীয়া ।

মুখ্যমন্ত্ৰীগৰাকী নিজে এজন আইনৰ ছাত্ৰ হিচাবে বাল্য বিবাহ বিৰোধী আইন সন্দৰ্ভত কিছু কথা জানি-বুজি লৈহে সুস্থিৰে আগুৱাব লাগিছিল বুলি মন্তব্য কৰে ড৹ শইকীয়াই ৷ বাল্য বিবাহ এশ শতাংশ ৰোধ হ'ব লাগে বুলি সদৰী কৰি তেওঁ কয় যে কন্যাগৰাকীয়ে কম বয়সত গৰ্ভধাৰণ কৰিলে ৰক্তহীনতা আৰু পুষ্টিহীনতা ৰোগত ভুগিব পাৰে তথা ভোগে ।

কম বয়সীয়া মাতৃয়ে সন্তান জন্ম দিলে সেই সন্তান ৰুগীয়া হোৱাৰ উপৰি তেনে সন্তানৰ মৃত্যু হোৱাৰো সম্ভাৱনা থাকে । তদুপৰি স্বাস্থ্যজনিত বহু জটিলতা থাকে । সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি কৰাৰ বিপৰীতে চৰকাৰখনে হঠাৎ বাল্য বিবাহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা কাৰ্য যুক্তিসংগত নহয় (Action against Child Marriage Assam)। তেওঁ লগতে কয় যে বাল্য বিবাহ কৰা স্বামীসকল অবৈধ স্বামী নহয় । তেওঁলোকৰ বিয়াখনহে আইনৰ দৃষ্টিত অবৈধ ।

লগতে পঢ়কঃJournalist Prakash Dubey: সত্য থকালৈকে সাংবাদিকতাৰ মান কেতিয়াও তললৈ যাব নোৱাৰে: প্ৰকাশ ডুবে

ABOUT THE AUTHOR

...view details