গুৱাহাটী, ১৪ এপ্ৰিল :অসমত শেহতীয়াকৈ পুনৰ বৃদ্ধি পাইছে এনকাউণ্টাৰৰ ঘটনা (Encounter cases increased in Assam)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আৰক্ষীৰে হোৱা এনকাউণ্টাৰত ৪৪ জন অভিযুক্ত নিহত হোৱাৰ লগতে শতাধিক আহত হৈছে । ৰাজ্যখনৰ ক্ৰমবৰ্ধিত এনকাউণ্টাৰৰ ঘটনাকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সমান্তৰালকৈ এনকাউণ্টাৰৰ বহু কেইটা ঘটনা মানৱ অধিকাৰ আয়োগৰ বিচাৰাধীন হৈ আছে ।
ইফালে এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ লগতে সামাজিক সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই কয় যে ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা অসমত মানৱ অধিকাৰ উলংঘনৰ শ শ ঘটনা সংঘটিত হৈছে (Dr Dibyajyoti Saikia reacts on encounter cases in Assam)। অসম আৰক্ষীৰ এটা অংশই কেৱল সন্দেহযুক্ত অপৰাধীকে নহয়, নিৰীহ লোককো কোনো দোষ নোহোৱাকৈ শাস্তি দিছে বুলি তেওঁ অভিযোগ কৰে ।