গুৱাহাটী,২৭ অক্টোবৰঃ দেৰগাঁৱৰ ঘটনাই কঁপাই গৈছে ৰাজ্য । অজয় দত্ত নামৰ এজন ২১বছৰীয়া যুৱকে আৰক্ষীৰ নিৰ্যাতন আৰু বিনা দোষত ৰাজহুৱা স্থানত কৰা অপমান সহ্য কৰিব নোৱাৰি বিজয়া দশমীৰ দিনা আত্মহত্যা কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিশিষ্ট মানৱাধিকাৰ তথা সমাজকৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই ।
উল্লেখ্য যে বিজয়া দশমীৰ দিনা দেৰগাঁৱৰ নেঘেৰিটিঙত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা । অসম আৰক্ষী জোৱানৰ অত্যাচাৰ সহিব নোৱাৰি এজন প্ৰতিভাৱান যুৱকে গ্ৰহণ কৰিছিল চৰম পন্থা । আত্মহননৰ পূৰ্বে যুৱকজনে নিজৰ মোবাইলত সংৰক্ষিত কৰি থৈ গৈছিল বিজয়া দশমীৰ দিনা সংঘটিত হোৱা ঘটনাৰ সবিশেষ । ভিডিঅ'টোত গাড়ী চালকৰ ৰূপত থকা আৰক্ষীয়ে তেওঁক কিদৰে সাধাৰণ কথাতেই ককৰ্থনা আৰু দুৰ্ব্যৱহাৰ কৰিছিল সেই সকলো উল্লেখ কৰিছিল ।
উল্লেখ্য় যে যুৱকজনৰ মৃতদেহ গেলাবিল নদীৰ কাষত এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল । মৃত যুৱকজন দেৰগাঁৱৰ নেঘেৰিটিং দ'লমুখৰ অজয় দত্ত বুলি চিনাক্ত কৰা হৈছিল । ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা এই ঘটনা সন্দৰ্ভত মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই কয় যে বৰ্তমান সময়ত আৰক্ষীৰ একাংশ লোকে অৰাজকতাৰ সৃষ্টি কৰি বাৰম্বাৰ মানৱ অধিকাৰ উলংঘা কৰি আহিছে । একাংশ আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে । তেওঁ কয় যে অসম আৰক্ষীৰ একাংশই সাধাৰণ লোকৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণে নিৰ্যাতন চলাই অহা পৰিলক্ষিত হৈছে।