অসম

assam

বানৰ প্ৰলয়ঃ মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি

By

Published : Jul 30, 2020, 12:26 PM IST

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্য অনুসৰি, বৰ্তমান ৰাজ্যৰ 21 খন জিলা বানৰ কবলত । আনহাতে বানত মৃত্যুৰ সংখ্যাই স্পৰ্শ কৰিছে 107ৰ ঘৰ ।

Human death toll to rise 107 in Assam flood
ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি

গুৱাহাটী, 30 জুলাই : নেৰানেপেৰা বৰষুণৰ ফলত সংহাৰী ৰূপ ধাৰণ কৰা ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ 33 খন জিলাৰ ভিতৰত 21 খন জিলা বৰ্তমানো বানৰ কবলত আছে ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰি কৰা মতে, ৰাজ্যৰ 21 খন জিলাৰ 54 টা ৰাজহ চক্ৰৰ 1,536 খন গাঁও বানাক্ৰান্ত হোৱাৰ লগতে 16,54,984 গৰাকী লোক বানত প্ৰভাৱিত হৈ আছে ৷ আনহাতে, বৰ্তমানলৈ বানত 107 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি

বানাক্ৰান্ত ৰাইজৰ বাবে চৰকাৰে স্থাপন কৰা 321 টা আশ্ৰয় শিবিৰত 37,012 গৰাকী লোকে আশ্ৰয় লৈ আছে ৷ বানৰ ফলত ৰাজ্যৰ কৃষকসকলৰ ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ 92,899.95 হেক্টৰ কৃষিভূমি এতিয়াও পানীৰ তলত আছে ৷

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি

বৃহস্পতিবাৰে পুৱাৰ ভাগত অহা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰী গুৱাহাটীত পুনৰ দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান ৷ ৰাজগড়, হাতীগাঁও, চান্দমাৰী, গণেশগুৰি, ওদালবাক্ৰাকে ধৰি গুৱাহাটীৰ বিভিন্ন অঞ্চলত হোৱা কৃত্ৰিম বানৰ ফলত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ABOUT THE AUTHOR

...view details