গুৱাহাটী, 12 অক্টোবৰ :নাগৰিকত্ব সংশোধনী আইন, পৰিৱেশ নিৰূপন আইন আৰু বাঘজানৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত গুৱাহাটী ৰটাৰী ক্লাৱত আছুৰ মানৱ শৃংখল কাৰ্যসূচী ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ লগতে আন 30 টা জনগোষ্ঠীয় সংগঠনৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷
গুৱাহাটী ৰটাৰী ক্লাৱত আছুৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী - নাগৰিকত্ব সংশোধনী আইন
সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ লগতে আন 30 টা জনগোষ্ঠীয় সংগঠনৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷
গুৱাহাটী ৰটাৰী ক্লাৱত আছুৰ মানৱ শৃংখল কাৰ্যসূচী
প্ৰতিবাদকাৰী সকলে বাঘজানৰ তৈল খাদত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী কৰে ৷ লগতে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইন বাতিল আৰু সংশোধিত নাগৰিকত্ব আইন খনো অনতিপলমে বাতিল কৰিবলৈ দাবী জনাই ৷ এই জনবিৰোধী আইনসমূহ শীঘ্ৰে বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদককাৰী সকলৰ ৷
লগতে পঢ়কঃ17 বছৰত কৰা ভূলৰ বাবেই বিটিচিবাসী বিপিএফৰ পৰা আঁতৰি আহিছেঃ প্ৰমোদ বড়ো