গুৱাহাটী, ৭ জানুৱাৰী :মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে নিশা আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট (Intoxicating tablets seized) ৷ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে 5 জন ব্যক্তিক (Intoxicating tablets peddler arrested by Guwahati police) ৷ মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই (Joint commissioner of police Partha Sarathi Mahanta) সদৰি কৰা অনুসৰি, নিচাযুক্ত টেবলেটখিনি ম্যানমাৰৰ ম'ৰে সীমান্তৰ পৰা ইম্ফললৈ আৰু ইম্ফলৰ পৰা কহিমা হৈ গুৱাহাটীলে অনা হৈছিল ।
এই টেবলেটখিনি দিল্লী আৰু বেংগালুৰুলৈ প্ৰেৰণ কৰাৰ যো-জা চলাই থকা হৈছিল ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে লাভ কৰে এই তথ্য ৷ পৰৱৰ্তী সময়ত মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু বশিষ্ঠ থানাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই বৃহস্পতিবাৰে নিশা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটখিনি ।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ৭০ হেজাৰ নিচাযুক্ত টেবলেট জব্দ কৰে ৷ জব্দকৃত টেবলেটখিনিৰ আনুমানিক মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে ধাৰ্য কৰিছে । ইফালে আটকাধীন লোককেইজনৰ নাম হৈছে দিলৱাৰ আলি, মেহবুব আলম, ছাকিৰ আহমেদ, মাছুদ আহমেদ আৰু মহম্মদ ছাহিদ ৷