গুৱাহাটী,৩০ নৱেম্বৰ: অৰ্থনৈতিক সংকটৰ সন্মূখীন হোৱা অসম চৰকাৰৰ ঋণৰ বোজা দিনক দিনে বৃদ্ধি পাব ধৰিছে । এক লাখ কোটি টকাৰ ওপৰত ঋণ থকা চৰকাৰখনে ধাৰাবাহিকভাৱে লৈ আহিছে ঋণ । চৰকাৰখনৰ এনে অৱস্থাৰ মাজতে আন এক উদ্বেগজনক তথ্য পোৱা গৈছে । পৰিতাপৰ বিষয় যে ৰাজ্যৰ লোকচান ভৰি থকা প্ৰায়বোৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানেই দীৰ্ঘম্যাদী ঋণৰ বোজাত ককবকাই আছে(Huge debt ridden public sector undertakings) ।
ৰাজ্যখনত থকা ৫১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত ৩৫টা কার্যক্ষম হৈ থকাৰ বিপৰীতে ১৬টা অকার্যক্ষম হৈ আছে(Public sector undertakings are inefficient) । কার্যক্ষম হৈ থকা প্রতিষ্ঠানসমূহৰ মাজৰ অধিকাংশই বছৰি কোটি কোটি টকাৰ লোকচান ভৰি আছে । এনেবোৰ লোকচানত থকা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সন্দৰ্ভত ভাৰতীয় মহাগাণনিক আৰু হিচাপ পৰীক্ষকে বাৰম্বাৰ পৰামৰ্শ দি আহিছে যে লোকচান ভৰি থকা অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ লাভৰ মুখ দেখাকৈ উন্নীতকৰণ কৰা নাইবা বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ব লাগে ।
‘কেগ’ৰ প্ৰতিবেদনত লগতে ৰাজ্য চৰকাৰক ইতিমধ্যে এই কথাও কৈছে যে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ বৃহৎ অংকৰ লোকচানৰ বোজা ৰাজ্যৰ আৰ্থিক দিশটোৰ বাবে ক্ষতিকাৰক । তাৰবাবে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে তাৰ পৰ্যালোচনা কৰি সেইবোৰৰ উন্নতি সাধনৰ ব্যৱস্থাৰে লাভৰ মুখলৈ আনিব লাগে নাইবা বন্ধ কৰি দিব লাগে । কিন্তু ৰাজ্য চৰকাৰে এই দিশত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ।
উল্লেখ্য যে কেৱল কার্যক্ষম হৈ থকাই নহয় ইতিমধ্যে বন্ধ কৰি দিয়া প্ৰতিষ্ঠানৰো দীৰ্ঘম্যাদী ঋণ বকেয়া ৰূপত আছে । চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ কাৰ্যক্ষম-অকার্যক্ষম ৰাজহুৱা খণ্ডৰ মুঠ ৫১টা প্রতিষ্ঠানৰ ভিতৰত ২৮টা প্রতিষ্ঠানে দীর্ঘদিন ধৰি ঋণত পোত খাই আছে । এই ঋণগ্রস্ত ২৮টা প্ৰতিষ্ঠানৰ বকেয়া ৰূপত থকা দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ হৈছে ৪,৯২৭ কোটি টকা । শক্তিখণ্ড, অশক্তিখণ্ড, আন্তঃগাঁথনি, কৃষি আৰু সহযোগী সেৱামূলক, বিত্ত, অন্যান্যৰ লগতে অ-কাৰ্যক্ষম ৰাজহুৱা প্ৰতিষ্ঠানৰ এনে বৃহৎ অংকৰ ঋণৰ পৰিমাণে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিকে অসহায় কৰি ৰাখিছে ।
লক্ষণীয়ভাৱে সৰ্বাধিক ঋণৰ কবলত থকা ৰাজহুৱা প্ৰতিষ্ঠানৰ ভিতৰত আছে অসম শক্তি উৎপাদন নিগম লিমিটেড, অসম বিদ্যুৎ সংবহণ নিগম লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড । শক্তিখণ্ডৰ এই তিনিওটা প্ৰতিষ্ঠানৰ বকেয়া থকা দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ হ’ল ৪,০৪১.১০ কোটি টকা । লক্ষণীয় বিষয় যে ৰাজ্যত থকা কার্যক্ষম আৰু অকার্যক্ষম ৫১টা ৰাজহুৱা প্ৰতিষ্ঠানৰ ভিতৰত ২৩টা প্ৰতিষ্ঠানৰ দীর্ঘম্যাদী ঋণ কিন্তু শূন্য ।