ৰঙিয়া, 15 মাৰ্চ:ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ধন জব্দ হৈছে ৷ দীনেশ সিং নামৰ এজন ব্যক্তিয়ে মটৰচাইকেলেৰে নি থকা অৱস্থাত তালাচী চলাই আৰক্ষীয়ে নগদ 3 লাখ 50 হাজাৰ টকা জব্দ কৰে ৷ সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি অব্যাহত থকা প্ৰশাসনৰ অভিযানত এই বৃহৎ পৰিমাণৰ ধন আৰক্ষীয়ে জব্দ কৰে ৷
ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত বৃহৎ পৰিমাণৰ ধন জব্দ - rangia police seized money at bhutan bus stand
ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ধন ৷ ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত জব্দ 3 লাখ 50 হাজাৰ টকা ৷ নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ পৰিপ্ৰেক্ষিতত অব্যাহত থকা প্ৰশাসনৰ অভিযানত আৰক্ষীয়ে জব্দ কৰে এই ধন ৷
ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত বৃহৎ পৰিমাণৰ ধন জব্দ
প্ৰাপ্ত তথ্য অনুসৰি, ধনখিনি সন্দৰ্ভত আৰক্ষীয়ে ব্যক্তিজনক সোধ পোচ কৰে যদিও টকাখিনিৰ সন্দৰ্ভত ব্যক্তিজনে কোনো উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰাত দীনেশক কৰায়ত্ব কৰাৰ লগতে আৰক্ষীয়ে ধনখিনি জব্দ কৰে ৷ ধৃত দীনেশ কোন দলৰ সৈতে জড়িত সেই সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য লাভ কৰিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ মৰ্মে সমাগত নিৰ্বাচন উপলক্ষে চলোৱা হৈছিল অভিযান ৷
লগতে পঢ়ক:হাইলাকান্দিত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে লক্ষাধিক টকা