অসম

assam

ETV Bharat / state

গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমানৰ সোণ জব্দ - জব্দ

নামনিমুৱা কামৰূপ এক্সপ্ৰেছত ডিমাপুৰৰ পৰা পশ্চিমবংগৰ কলকাতালৈ সোণখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মহম্মদ হাৰিষ মহাম্মদে ৷ জব্দ হোৱা সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় 43 লাখ টকা বুলি জানিব পৰা গৈছে ৷

গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ সোণ জব্দ

By

Published : Apr 28, 2019, 12:58 PM IST

গুৱাহাটী, 28 এপ্ৰিল : গুৱাহাটী ৰে'ল ষ্টেচনত দেওবাৰে পুৱা বৃহৎ পৰিমানৰ সোণ জব্দ কৰা হয় ৷ জব্দকৃত সোণখিনিৰ ওজন 1.298 কিল'গ্ৰাম বুলি জানিব পৰা গৈছে ৷

পুৱা গুৱাহাটী ৰে'ল ষ্টেচনৰ 1 নম্বৰৰ প্লেটফৰ্মত নিয়মীয়া তালাচীত হম্মদ হাৰিষ মহম্মদ নামৰ এজন লোকৰ পৰা ৰে'ল আৰক্ষীয়ে 8 খন সোণৰ বিস্কুট জব্দ কৰে ৷ লগতে এই সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে হম্মদ হাৰিষ মহম্মদ নামৰ লোকজনক আটক কৰে ৷

গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ সোণ জব্দ

উল্লেখ্য যে উপ-পৰিদৰ্শক এছ কে সিংহৰ অভিযানত সোণখিনি জব্দ কৰা হয় ৷ জানিব পৰামতে নামনিমুৱা কামৰূপ এক্সপ্ৰেছত ডিমাপুৰৰ পৰা পশ্চিমবংগৰ কলকাতালৈ সোণখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ধৃত মহম্মদ হাৰিষ মহাম্মদে ৷ জব্দ হোৱা সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় 43 লাখ টকা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details