অসম

assam

By

Published : Jul 29, 2020, 12:50 PM IST

ETV Bharat / state

মহানগৰীত বৃহৎ পৰিমানৰ ধন জব্দ

গুৱাহাটী মহানগৰীৰ চ’লাপাৰাত জব্দ হয় বৃহৎ পৰিমাণৰ ধন ৷ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় জব্দ কৰে ধনখিনি ৷ ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত আটক দুজনক ৷

huge amount of cash seized in guwahati
মহানগৰীত বৃহৎ পৰিমানৰ ধন জব্দ

গুৱাহাটী, 29 জুলাই : মহানগৰীৰ চ’লাপাৰাত বৃহৎ পৰিমাণৰ ধন জব্দ ৷ চ’লাপাৰাৰ কালাচিনি এপাৰ্টমেণ্টৰ পৰা জব্দ ধনখিনি ৷ ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ হয় ধনখিনি ৷

মহানগৰীত বৃহৎ পৰিমানৰ ধন জব্দ

এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাৰ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ পৰা জব্দ কৰা হয় এই ধনখিনি ৷ এতিয়ালৈ জব্দ কৰিছে 56 লাখ টকা জব্দ কৰা বুলি জানিব পৰা গৈছে ৷ আনহাতে, মহিলা গৰাকী গুৱাহাটীত ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল ৷ এতিয়ালৈকে লোক দুজনৰ নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷ বাতৰি অহাৰ পৰলৈ অব্যাহত আছে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ৷

মহানগৰীত বৃহৎ পৰিমানৰ ধন জব্দ

উল্লেখ্য যে, 28/7/2020 তাৰিখে মাদক দ্ৰৱ্যৰ বিৰুদ্ধে চ’লাপাৰাৰ কালাচিনি এপাৰ্টমেণ্টত অভিযান চলোৱা হৈছিল ৷ এই অভিযানৰ সময়ত এপাৰ্টমেণ্টটো পশ্চিম ইম্ফলৰ ক্যাকেইথেল মায়াই কোইবিৰ সংগীতা লাইশ্যাংবাম আৰু পৌনম শ্যাম সিং নামেৰে অনুসন্ধান কৰা হৈছিল ৷

মহানগৰীত বৃহৎ পৰিমানৰ ধন জব্দ

অভিযানৰ সময়ছোৱাত মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহত সংগৃহীত 74,05,600 টকা জব্দ কৰা হয় ৷ এই ঘটনাৰ সন্দেহত শ্যাম লাইশ্যাংবাম আৰু লাইশ্যাংবাম মাংগী সিঙক ইম্ফলৰ পৰা আটক কৰা হয় ৷ আনহাতে, বশিষ্ঠ আৰক্ষী থানাৰ 449/19 নং গোচৰত আটক হোৱা সংগীতা লাইশ্যাংবামৰ পৰাও মাদক দ্ৰব্য জব্দ কৰে ক্ৰাইম ব্ৰাঞ্চে ৷

মহানগৰীত বৃহৎ পৰিমানৰ ধন জব্দ

ইয়াৰোপৰি, তেওঁ সঘনাই জ্ৰাগছ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল ৷ তেওঁৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা তাশুৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক ভৰলুমুখ আৰক্ষী থানাৰ 315/2020 নম্বৰ গোচৰত আটক কৰা হয় ৷

মহানগৰীত বৃহৎ পৰিমানৰ ধন জব্দ

লগতে পঢ়ক :খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগৰ স্বীকৃতি প্ৰধানমন্ত্ৰীৰ : সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details