অসম

assam

ETV Bharat / state

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী - হাইস্কুল শিক্ষান্ত পৰীক্ষা

১১ মে'ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১২ মে'ৰ পৰা অনুষ্ঠিত হ'ব ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা । টুইটাৰযোগে ঘোষণা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী

By

Published : Jan 2, 2021, 6:06 PM IST

গুৱাহাটী, ২ জানুৱাৰী: ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব ১১ মে'ৰ পৰা । ইফালে উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ'ব ১২ মে'ৰ পৰা ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ৭ জুলাইত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ৩০ জুলাইত ।

টুইটাৰযোগে এই ঘোষণা কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে শুকুৰবাৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ডঃ ৰমেশ চন্দ্ৰ চুতীয়া আৰু অধ্যক্ষ ডঃ দয়ানন্দ বৰগোঁহাইয়ে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল । কিন্তু সচিব আৰু অধ্যক্ষই ঘোষণা কৰাৰ ২৪ ঘণ্টাৰ পাচতে শিক্ষা মন্ত্ৰীগৰাকীয়ে দুমাহ পিছুৱাই টুইটযোগে ঘোষণা কৰিলে পৰীক্ষা নতুন সময় ।

লগতে পঢ়ক: GMCH ত ক’ৰণাৰ প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলন

ABOUT THE AUTHOR

...view details