ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে মেট্ৰিক পৰীক্ষাৰ্থীৰ প্ৰতিবাদ গুৱাহাটী, ১৭ মাৰ্চ :‘‘আমি আৰু পৰীক্ষা নিদু ৷ আমি মানসিকভাৱে ভাগি পৰিছো ৷ যিকেইটা পৰীক্ষা দিলো তাৰে নম্বৰৰ ভিত্তিত আমাক পাছ কৰাই দিয়ক ৷ CBSE য়ে যদি ভালদৰে প্ৰতিটো পৰীক্ষা পাতিব পাৰে, তেন্তে SEBA ই কিয় নোৱাৰে ? আমাক ন্যায় লাগে ৷’’
সকলোৰে জ্ঞাত যে সাধাৰণ বিজ্ঞানৰ পিচত ফাদিল হ’ল অসমীয়া বিভাগৰ প্ৰশ্নকাকত (HSLC question paper leak) ৷ যাৰবাবে এইবাৰ ছেবাই বাতিল কৰে অসমীয়া বিভাগৰ পৰীক্ষা ৷ অসমীয়া বিভাগৰ পৰীক্ষা বাতিল হোৱাৰ পাচতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বিভিন্ন দল-সংগঠনৰ সমান্তৰালকৈ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰাত এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলো (HSLC students protest in Guwahati)৷
শুকুৰবাৰে ন্যায়ৰ দাবীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে ৰাজপথলৈ ওলাই আহি ছেবাৰ বিৰুদ্ধে ৰাজপথত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰথমতে শিক্ষাৰ্থীসকলে ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে জনতা ভৱনৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ (HSLC students protest in front of Janata Bhawan) ৷ কিন্তু আৰক্ষীয়ে জনতা ভৱনৰ সন্মুখৰ পৰা প্ৰতিবাদী শিক্ষাৰ্থীসকলক আঁতৰাই পঠিয়ায় ৷ যাৰ ফলত খৰ্গহস্ত হৈ পৰে প্ৰতিবাদী শিক্ষাৰ্থীসকল ৷
পৰৱৰ্তী পৰ্যায়ত মহানগৰীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ডাউন টাউন হাস্পতালৰ সমীপৰ পৰা সমদল কৰি বামুনিমৈদামৰ ছেবাৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় । ছেবাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক আমি নামানো, ছেবা হায় হায়, ছাত্ৰ-ছাত্ৰীৰ লগত খেলা বন্ধ কৰক, ছাত্ৰ-ছাত্ৰীক মানসিক হাৰাশাস্তি বন্ধ কৰক আদিকে ধৰি বিভিন্ন শ্ল’গান দি ছেবাৰ কাৰ্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলে (HSLC students protest in front of SEBA office) ।
ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত হ’ব লগা তিনিটা বিষয় বাতিল কৰি পূৰ্বতে অনুষ্ঠিত হৈ যোৱা তিনিটা বিষয়ৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত মূল্যাংকন কৰি মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰি দিবলৈ দাবী জনায় । আনকি প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে সাক্ষ্যৎ কৰি হাতে লিখা এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ বিচাৰিছিল ৷
কিন্তু ছেবাৰ অধ্যক্ষগৰাকীক সাক্ষাৎ কৰিবলৈ নিদিয়াত ক্ষুব্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ৷ যাৰ ফলত ছেবা উপ সচিবগৰাকীৰ সৈতে প্ৰতিবাদী শিক্ষাৰ্থীসকলে এক বাক-বিতণ্ডাটো লিপ্ত হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত উক্ত স্থানৰ পৰা আঁতৰি যায় প্ৰতিবাদকাৰী মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীসকল ৷
লগতে পঢ়ক :HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ; প্ৰসন্ন দাস নামৰ আন এগৰাকী শিক্ষকক আটক