গুৱাহাটী, 21মে':15 জুনৰ ভিতৰত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ইতিমধ্যেই ফলাফল ঘোষণাৰ বাবে যাৱতীয় সকলো কাম-কাজ শেষ কৰাৰ লগতে বৰ্তমানে পুনৰীক্ষণৰ কাম চলি আছে ৷ বৃহস্পতিবাৰেইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা জানিবলৈ দিয়ে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ৷ ইয়াৰ উপৰিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে যে, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লাভ কৰাৰ লগতে সংগ্ৰহ কৰিব পাৰিব মাৰ্কচিটো ৷ মূল মাৰ্কচিটসমূহ ফলাফল ঘোষণাৰ 10 ৰ পৰা 15 দিনৰ ভিতৰত বিদ্যালয়সমূহ খোলাৰ পিছতে লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ৷
অধ্যক্ষগৰাকীয়ে বৰ্তমানে লক ডাউন অব্যাহত থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক-বৰ্ষ যাতে ক্ষতি নহয় তাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি জনায় ৷ অনলাইনৰ জৰিয়তে বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ পাঠদান কৰি থকা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে যিসকল ছাত্ৰ-ছাত্ৰীৰ অনলাইন পাঠদান ফলপ্ৰসূ হোৱা নাই সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে ৰেডিঅ' আৰু টেলিভিচনৰ জৰিয়তে পাঠদান দিবলৈ চেষ্টা চলাই থকাৰ কথা জানিবলৈ দিয়ে ৷