গুৱাহাটী, ২১ জানুৱাৰী :এইবছৰহাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ (HSLC exam 2023)।পূৰ্বৰ তুলনাত এইবাৰ বহু পৃথক হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্ৰিক) (HSLC question paper will be different this year)। নতুন শিক্ষানীতি অনুসৰি ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতৰ সমান্তৰালভাৱে পৃথক হ'ব উত্তৰবহীও (New education policy replaces HSLC question paper)। এই প্ৰশ্নকাকতত অবজেক্টিভ ধৰণৰ প্ৰশ্ন থাকিব ৫০ শতাংশ ।
আনহাতে, বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ । অৰ্থাৎ শিক্ষাৰ্থীয়ে ১ নম্বৰৰ ৫০ টা প্ৰশ্নৰ উত্তৰ লিখাৰ সুযোগ লাভ কৰিব । গণিত বিষয়ৰ ক্ষেত্ৰত উত্তৰবহীখন অবজেক্টিভ কাকতৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হ'ব । প্ৰতিটো অবজেক্টিভ (Objective Questions) প্ৰশ্নৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্ৰশ্ন সমাধান কৰিবলৈ খালী ঠাইৰ ব্যৱস্থা থাকিব (Objective Questions in HSLC question paper)।
পৰীক্ষাৰ দিনটোত পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে ৮.৪৫ বজাত ৮ টা পেজৰ অবজেক্টিভ উত্তৰ বহীখন পৰীক্ষাৰ্থীসকলক দিয়া হ'ব । ৯.৪৫ বজাত ১৬ টা পেজৰ বৰ্ণনামূলক প্ৰশ্নৰ বাবে উত্তৰ বহীখনো শিক্ষাৰ্থীসকলক দিয়া হ'ব । গণিতৰ বহীখন উকা হোৱাৰ লগতে গ্ৰাফ থাকিব । ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানৰ উত্তৰ বহীকেইখন ৰুলিং দিয়া হ'ব । দুয়োখন উত্তৰবহী পৰীক্ষাৰ্থীসকলে সংলগ্ন কৰি বান্ধি দিব লাগিব ।