গুৱাহাটী, ২ ডিচেম্বৰ: পৰিৱৰ্তিত সময়সূচীৰে ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন । শিক্ষা মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই শনিবাৰে বিয়লি টুইটযোগে ঘোষণা কৰে পৰীক্ষাৰ দিন । অহা ১১ মে'ৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ইয়াৰ ঠিক এদিনৰ পিছতে ১২ মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ ক্ৰমান্বয়ে ৭ আৰু ৩০ জুলাইত ঘোষণা কৰা হ'ব ।
অহা ১১ মে'ৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা - উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল
শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন । অহা ১১ মে'ৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব । অহা ১২ মে'ৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ।
অহা ১১ মে'ৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা
বিগত বৰ্ষকেইটাত ফেব্ৰুৱাৰী মাহতে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছিল । এইবাৰ কৰ'ণা মাহামাৰীৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট ব্যাঘাত জন্মিছে । সেয়ে, পৰীক্ষা পলমকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । শনিবাৰে পৰিৱৰ্তিত সময়সূচীৰে পৰীক্ষাৰ দিন ঘোষণা কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক:এবছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ 78সংখ্যক জন্মজয়ন্তী পালন