অসম

assam

ETV Bharat / state

মেট্ৰিকত নকল কৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী - মেট্ৰিক 2020

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ কঠোৰ ব্যৱস্থাপনা ছেবাৰ ৷ পৰীক্ষাত নকল কৰি ধৰা পৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী । লগতে পৰীক্ষা কেন্দ্ৰত নিৰীক্ষকেও ল'ব নোৱাৰিব কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষা
মেট্ৰিকত নকল কৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী

By

Published : Feb 8, 2020, 10:15 PM IST

গুৱাহাটী, 8 ফেব্ৰুৱাৰীঃ আগন্তুক 10 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰী লৈ অনুষ্ঠিত হ'ব 2020ৰ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা । পৰীক্ষাৰ পূৰ্বে ছেবাই গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থাপনা । এইবাৰ নকলক লৈ পূৰ্বতকৈ কঠোৰ হ'ব ছেবা । পৰীক্ষাত নকল কৰি ধৰা পৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী । পৰীক্ষা কেন্দ্ৰত কেৱল পৰীক্ষাৰ্থীয়ে নহয় নিৰীক্ষকেও ল'ব নোৱাৰিব কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী ৷ লগতে ম'বাইল ব্যৱহাৰ কৰিলো কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে ।

মেট্ৰিকত নকল কৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী

আনহাতে, প্ৰতিটো পৰীক্ষা হ'লত চিচিটিভি কেমেৰা থকাৰ লগতে নকল সন্দৰ্ভত কেন্দ্ৰই হেমাহি কৰিলে তেনে কেন্দ্ৰ বাতিল কৰাৰ সকীয়নি প্ৰদান ছেবাৰ । প্ৰথমবাৰৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীৰ সন্মুখত লগতে দুজন পৰীক্ষাৰ্থীক সাক্ষী কৰি নিৰীক্ষকে খুলিব লাগিব প্ৰশ্ন কাকতৰ টোপোলা । এইবাৰ মুল্যাংকত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে কলা চিয়াঁহীৰে পৰীক্ষাৰ্থীক উত্তৰ বহীত লিখিবলৈ আহ্বান সুৰঞ্জনা সেনাপতিৰ । প্ৰতিটো কেন্দ্ৰত ইলেক্ট্ৰনিক সামগ্ৰী সংকেত দিব পৰা যন্ত্ৰ থকাৰ লগতে পৰীক্ষা সময়ছোৱাত কোনো দল সংগঠনক কোনো ধৰণৰ বন্ধ নিদিবলৈ আহ্বান জনাই ছেবা কৰ্তৃপক্ষই ।

মেট্ৰিকত নকল কৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী

উল্লেখ্য যে, এইবাৰ 860 টা পৰীক্ষা কেন্দ্ৰত অৱৰ্তীণ হ'ব মুঠ 358446 গৰাকী পৰীক্ষাৰ্থী ৷ ৰাজ্যৰ সমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰে ছেবা সচিব সুৰঞ্জনা সেনাপতিকে ধৰি কৰ্তৃপক্ষই ৷

আৰু পঢ়কঃ CAA বিৰোধিতাৰে নগাঁৱত ছাত্ৰ সন্থাৰ জোঁৰ সমদল

ABOUT THE AUTHOR

...view details